NORTHEAST NOW (Assamese)

BSNL বন্ধ নহয়, শক্তিশালীহে কৰাৰ ব্যৱস্থা কেন্দ্ৰৰ; আহিব 4G সেৱা

October 23, 2019 9:19 pm · এন ই নাও নিউজ
Updated: October 23, 2019 9:24 pm
বি এচ এন এল প্ৰতীকৰ ফাইল ছবি।

বি এচ এন এল বন্ধ হ’ব বুলি প্ৰচাৰিত বাতৰিৰ বিপৰীতে কেন্দ্ৰই বুধবাৰে “সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ মালিকানা”ধীন টেলিকম প্ৰতিষ্ঠানটোৰ পুনৰ্জীৱনদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বি এচ এন এল আৰু এম টি এন এলৰ পুনৰ্জীৱনদান সম্পৰ্কীয় প্ৰস্তাৱত অনুমোদন জনাইছে।

লগতে পুনৰ্জীৱনদানৰ পদক্ষেপৰূপে “নীতিগতভাৱে” বি এচ এন এল আৰু এম টি এন এলৰ একত্ৰীকৰণতো কেবিনেটে অনুমোদন জনাইছে।

দুয়োটা প্ৰতিষ্ঠানকে ৪জি সেৱা আৰম্ভ কৰাৰ বাবে স্পেকট্ৰামৰ প্ৰশাসনিক আবণ্টনৰ বাবে কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে।

৪জি স্পেকট্ৰামৰ বাবে কেন্দ্ৰই প্ৰতিষ্ঠান দুটাত ২০,১৪০ কোটি টকা পুঁজি যোগান ধৰিব।

এই স্পেকট্ৰাম মূল্যৰ জি এছ টিৰ বাবদ কেন্দ্ৰই যোগান ধৰিব অতিৰিক্ত ৩,৬৭৪ কোটি টকা।

পুনৰ্জীৱন কাৰ্য্যসূচীৰ অংশৰূপে বি এচ এন এল-এম টি এন এলে ১৫,০০০ কোটি টকাৰ দীৰ্ঘকালীন ব’ন্দ মুকলি কৰিব। আৰু কেন্দ্ৰই তাত “সাৰ্বভৌম নিশ্চিতি (sovereign guarantee)” প্ৰদান কৰিব।

কিন্তু, পুনৰ্জীৱনৰ কাৰ্য্যসূচীৰ অংশৰূপে ৫০ বছৰোৰ্ধ্বৰ কৰ্মচাৰীক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান দুটাই স্বেচ্ছামূলক অৱসৰদানৰ প্ৰস্তাৱ আগবঢ়াব।

কেবিনেট সিদ্ধান্তমতে, এই অৱসৰৰ বাবে “আকৰ্ষণীয় স্বেচ্ছামূলক অৱসৰ আঁচনি” (attractive Voluntary Retirement Scheme) থাকিব আৰু তাৰ খৰচ কেন্দ্ৰই  বহন কৰিব।

পুনৰ্জীৱনৰ অনুমোদিত প্ৰস্তাৱত থকা আন এটা কথা হৈছে, বি এচ এন এল-এম টি এন এলে “ধন আয়ত লগাব লাগিব তেওঁলোকৰ সম্পদ (monetise their assets)”।

বি এচ এন এল আৰু এম টি এন এল ভাৰত চৰকাৰৰ টেলিকমিউনিকে’চন বিভাগৰ ওচৰত জৱাবদিহি।

Related News