NEET ত কিছু অনিয়ম সংঘটিত হৈছিল, ইয়াত জড়িত কাকো ৰেহাই দিয়া নহ’ব- শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান। ফাইল ফটো।

NEET পৰীক্ষাৰ ফলাফলক লৈ দেশৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। সকলো ৰাজ্যতে ব্যাপক প্ৰতিবাদ হৈছে। ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকৰ মাজতো ক্ষোভৰ সৃষ্টি হৈছে। NEET প্ৰশ্নকাককত হেৰফেৰ আৰু লিক হোৱাৰ অভিযোগ উত্থাপন হৈছে। বহু ৰাজ্যত বিষয়টো আদালতত উপনীত হোৱাৰ বিপৰীতে উচ্চতম ন্যায়ালয়তো আবেদন দাখিল কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলে অহৰহ পুনৰ পৰীক্ষাৰ দাবী তুলিছে।

ইফালে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকক সাক্ষাৎ কৰে। ইয়াৰ পিছত তেওঁৰ বক্তব্য প্ৰকাশ পাইছে। য’ত তেওঁ স্বীকাৰ কৰিছে যে NEET পৰীক্ষাৰ ফলাফলত কিছু অনিয়ম ঘটিছে। ইয়াৰ লগত জড়িত কোনো বিষয়াক কোনো মূল্যৰ বিনিময়ত ৰেহাই দিয়া নহ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ কয়।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুটা স্থানত কিছু অনিয়ম পোহৰলৈ আহিছে। এনে পৰিস্থিতিত তেওঁ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলক আশ্বাস দিয়ে যে চৰকাৰে এই বিষয়টো গুৰুত্বসহকাৰে লৈছে। এন টি এৰ জ্যেষ্ঠ বিষয়াক দোষী সাব্যস্ত হ’লেও তেওঁলোকক ৰেহাই দিয়া নহ’ব আৰু দোষীক কঠোৰতম শাস্তি দিয়া হ’ব বুলিও তেওঁ কয়।

ইয়াৰ লগতে তেওঁ লগতে কয় যে এন টি এৰ বহু উন্নতিৰ প্ৰয়োজন আছে। কিছু সময় কম পোৱাৰ বাবেই একাংশ ছাত্ৰ-ছাত্ৰীক গ্ৰেচ মাৰ্ক দিয়া হৈছিল। উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শ মতে ১৫৬৩ গৰাকী পৰীক্ষাৰ্থীৰ পুনৰ পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ সমান্তৰালকৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ছাত্ৰ-ছাত্ৰীক ন্যায় প্ৰদানৰ আশ্বাস দিছে। তেওঁ কয় যে কোনো শিক্ষাৰ্থীৰ লগত অন্যায় হ’বলৈ দিয়া নহ’ব আৰু তেওঁলোকৰ ভৱিষ্যতৰ সৈতে খেলা নহ’ব। তেওঁ স্পষ্টকৈ কয় যে যিকোনো মূল্যৰ বিনিময়ত অনিয়ম সহ্য কৰা নহ’ব।

একে সময়তে বিহাৰৰ পাটনা-নালন্দা আৰু গুজৰাটৰ গোধৰাত NEET প্ৰশ্নকাকত ফাদিলৰ সন্দেহত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে বিহাৰত ধৰা পৰা বহু অভিযুক্তই জেৰাৰ সময়ত এজেন্সীৰ বিষয়াৰ সৈতে প্ৰশ্নকাকত ফাদিল আৰু সম্পৰ্ক মানি লৈছে। এতিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানেও স্বীকাৰ কৰিলে যে পৰীক্ষাত অনিয়ম ঘটিছিল।