নিৰ্বাচনী বণ্ড প্ৰস্তুতৰ বাবে কৰদাতাৰ ১৪ কোটি খৰচ কৰিলে মোদী চৰকাৰে; RTIত ফাদিল তথ্য

পুনৰ এবাৰ প্ৰেক্ষাপটত নিৰ্বাচনী বণ্ডৰ প্ৰসংগ৷ RTI কৰ্মী তথা অৱসৰপ্ৰাপ্ত নৌসেনাৰ বিষয়া লোকেশ বাট্ৰাই দাখিল কৰা আৰ টি আইৰ প্ৰশ্নৰ উত্তৰত প্ৰকাশ পোৱা তথ্য অনুসৰি নিৰ্বাচনী বণ্ড ছপা আৰু পৰিচালনাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কৰদাতাৰ ধনেৰে প্ৰায় ১৪ কোটি টকাৰ বিল বহন কৰিছিল।

মুঠৰ ১২,০৪,৫৯,০৪৩ টকা ৩০টা পৰ্যায়ত ‘নিৰ্বাচনী বণ্ড বিক্ৰীৰ কমিচন’ হিচাপে লোৱা হৈছে৷ আনহাতে ১,৯৩,৭৩,৬০৪ টকা বণ্ড ছপা কৰোৱাৰ বাবে লোৱা হৈছে৷কমিছন ধনৰাশিৰ অৰ্থ হ’ল ভাৰতীয় ষ্টেট বেংকে নিৰ্বাচনী বণ্ড বিক্ৰী আৰু পৰিচালনাৰ বাবে লোৱা ধন। অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ আৰ টি আইৰ সঁহাৰিয়ে জনোৱা মতে, বণ্ড পৰীক্ষাৰ বাবে অতিৰিক্ত ৬,৭২০ টকাও এছ বি আইৰ দ্বাৰা আৰোপ কৰা হৈছিল।

এই বণ্ডসমূহ ছপা কৰাৰ দায়িত্ব দিয়া নাচিকস্থিত ইণ্ডিয়া ছিকিউৰিটি প্ৰেছেও ১০০০, ১০,০০০ , ১ লাখ, ১০ লাখ আৰু এক কোটি টকাৰ বণ্ড ছপা কৰাৰ বাবেও ধন লৈছিল৷

ছপা কৰা মুঠ বণ্ডৰ হিচাপ

১০০০ টকাৰ ২,৬৫,০০০খন নিৰ্বাচনী বণ্ড;
১০,০০০ টকাৰ ২,৬৫,০০০ খন বণ্ড;
১ লাখ টকাৰ ৯৩ খন হাজাৰ বণ্ড;
১০ লাখ টকাৰ ২৬ হাজাৰ খন বণ্ড; আৰু
১ কোটি টকাৰ ৩৩ হাজাৰখন বণ্ড।

মন কৰিবলগীয়া যে এই বণ্ডসমূহৰ ছপা আৰু পৰিচালনাৰ খৰচ দাতা বা গ্ৰহণকাৰীয়ে নহয় বৰঞ্চ চৰকাৰ আৰু কৰদাতাই বহন কৰিছিল।

ইয়াৰ পূৰ্বে বাট্ৰাই দাখিল কৰা আৰ টি আইত এইটোও প্ৰকাশ পাইছে যে ২০২৩ চনৰ নৱেম্বৰ মাহত উচ্চতম ন্যায়ালয়ে আঁচনিখনৰ সাংবিধানিকতাৰ ওপৰত ইতিমধ্যে ৰায় সংৰক্ষণ কৰি ৰখাৰ পাছত কেৱল ২০২৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰে ১ কোটি টকাকৈ ৮৩৫০টা নিৰ্বাচনী বণ্ড ছপা কৰিছিল।উল্লেখ্য যে এটা নিৰ্বাচনী বণ্ড ছপা কৰাৰ খৰচ ২৫ টকা হয়, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োটাই অতিৰিক্ত ৬% জিএছটি লয় বুলি দ্য ৱায়াৰে ইতিমধ্যে প্ৰকাশ কৰিছিল।

স্মৰ্তব্য যে, ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনি বাতিল কৰিছিল। ইয়াক অসাংবিধানিক আৰু এই তথ্যৰ ভোটাৰৰ অধিকাৰ উলংঘা কৰা বুলি অভিহিত কৰাৰ বিপৰীতে আদালতে এছ বি আইক বণ্ডৰ সবিশেষ ইচিক দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।