• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰীলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ ফোন : যথাসাধ্য কঠোৰ পদক্ষেপ গ্ৰহণ নিৰ্দেশ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
November 2, 2018 9:50 pm
rajnath-singh
371
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ ধলাত ৫জন নিৰীহ লোক নাৰকীয় হত্যাকাণ্ডৰ বলি হোৱাৰ পাছত সমগ্ৰ অসমতেই ইয়াৰ তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। অসমৰ বিভিন্ন অঞ্চলত হত্যাকাণ্ডত জড়িতসকলৰ শাস্তিৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে।

জনতাৰ এই বিপুল দাবীৰ ওচৰত মূৰ দোঁৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ টেলিফোনযোগে এই হত্যাকাণ্ড সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এই নৰহত্যাৰ ঘটনাক অত্যন্ত গৰিহণাযোগ্য হিংসাত্মক ঘটনা বুলি অভিহিত কৰিছে। ‘‘উজনি অসমত অসামৰিক লোকৰ ওপৰত সংঘটিত হোৱা এই অবিৱেচক হিংসাত্মক ঘটনাত মানুহৰ মৃত্যু ঘটাটো অত্যন্ত গৰিহণাযোগ্য—’’ গৃহ মন্ত্ৰীগৰাকীয়ে কয়।

এটা টুইটাৰ বাৰ্তাত গৃহ মন্ত্ৰীগৰাকীয়ে কৈছে, ‘‘মই অসমৰ মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এই ঘটনা সন্দৰ্ভত কথা পাতিছোঁ আৰু তেওঁক সাম্ভব্য সকলো ধৰণৰ কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছোঁ।’’

এই ঘটনাৰ পাছত গৃহ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে এখন আলোচনাচক্ৰত অসমৰ সমগ্ৰ আইন-কানুনজনিত পৰিস্থিতিৰ এটা পুনৰীক্ষণ কৰে।

গৃহ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে এক সুদীৰ্ঘ সময় সুপ্ত হৈ থকাৰ পাছত পাছত গৃহ মন্ত্ৰ্যালয় অতি সক্ৰিয় হৈ পৰিছে। ইয়াৰ পূৰ্বে গৃহ মন্ত্ৰ্যালয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ আইন-কানুনজনিত পৰিস্থিতিৰ উন্নতি হোৱা বুলি দাবী কৰিছিল।

গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে, ‘‘অসমত শেহতীয়াভাৱে সংঘটিত হোৱা ঘটনাটোৱে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰেই সামগ্ৰিক নিৰাপত্তাজনিত পৰিস্থিতি পুনৰীক্ষণ কৰাৰ বাবে গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াসকলক বাধ্য কৰিছে।

Recent News

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

গুৱাহাটীত ভয়াবহ ৰূপ ধাৰণ কৰিছে প্লাষ্টিক প্ৰদূষণে! প্লাষ্টিক ব্যৱহাৰৰ নিষেধাজ্ঞাৰ তিনি বছৰ পিছতো সলনি নহ’ল মহানগৰীৰ প্ৰতচ্ছবি

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd