তিনিচুকীয়া জিলাৰ ধলাত ৫জন নিৰীহ লোক নাৰকীয় হত্যাকাণ্ডৰ বলি হোৱাৰ পাছত সমগ্ৰ অসমতেই ইয়াৰ তীব্ৰ প্ৰতিবাদৰ জোৱাৰ উঠিছে। অসমৰ বিভিন্ন অঞ্চলত হত্যাকাণ্ডত জড়িতসকলৰ শাস্তিৰ দাবীত প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে।
জনতাৰ এই বিপুল দাবীৰ ওচৰত মূৰ দোঁৱাই কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ টেলিফোনযোগে এই হত্যাকাণ্ড সংঘটিত কৰা সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে এই নৰহত্যাৰ ঘটনাক অত্যন্ত গৰিহণাযোগ্য হিংসাত্মক ঘটনা বুলি অভিহিত কৰিছে। ‘‘উজনি অসমত অসামৰিক লোকৰ ওপৰত সংঘটিত হোৱা এই অবিৱেচক হিংসাত্মক ঘটনাত মানুহৰ মৃত্যু ঘটাটো অত্যন্ত গৰিহণাযোগ্য—’’ গৃহ মন্ত্ৰীগৰাকীয়ে কয়।
এটা টুইটাৰ বাৰ্তাত গৃহ মন্ত্ৰীগৰাকীয়ে কৈছে, ‘‘মই অসমৰ মুখ্য মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এই ঘটনা সন্দৰ্ভত কথা পাতিছোঁ আৰু তেওঁক সাম্ভব্য সকলো ধৰণৰ কঠোৰ কাৰ্যপন্থা গ্ৰহণ কৰাৰ বাবে নিৰ্দেশ দিছোঁ।’’
এই ঘটনাৰ পাছত গৃহ মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে এখন আলোচনাচক্ৰত অসমৰ সমগ্ৰ আইন-কানুনজনিত পৰিস্থিতিৰ এটা পুনৰীক্ষণ কৰে।
গৃহ মন্ত্ৰ্যালয়ৰ এটা সূত্ৰত প্ৰকাশ পাইছে যে এক সুদীৰ্ঘ সময় সুপ্ত হৈ থকাৰ পাছত পাছত গৃহ মন্ত্ৰ্যালয় অতি সক্ৰিয় হৈ পৰিছে। ইয়াৰ পূৰ্বে গৃহ মন্ত্ৰ্যালয়ে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ আইন-কানুনজনিত পৰিস্থিতিৰ উন্নতি হোৱা বুলি দাবী কৰিছিল।
গৃহ মন্ত্ৰ্যালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে, ‘‘অসমত শেহতীয়াভাৱে সংঘটিত হোৱা ঘটনাটোৱে ৰাজ্যখনৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰেই সামগ্ৰিক নিৰাপত্তাজনিত পৰিস্থিতি পুনৰীক্ষণ কৰাৰ বাবে গৃহ মন্ত্ৰ্যালয়ৰ বিষয়াসকলক বাধ্য কৰিছে।