কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰে।
ৰাজপথৰ পৰা সংসদলৈকে বিধেয়কখনৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতে চৰকাৰে বিধেয়কখন উত্থাপন কৰে।
কংগ্ৰেছ, তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰাৰ বিপৰীতে বিজেপিয়ে সকলো সাংসদৰ বাবে হুইপ জাৰি কৰে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধেয়কখন উত্থাপন কৰাৰ সময়ত কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলে ইয়াৰ বিৰোধিতাৰে সৰৱ হয়।
মঙলবাৰে লোকসভাত বিধেয়কখনৰ ওপৰত আলোচনা অনুষ্ঠিত হ’ব।
অমিত শ্বাহে বিধেয়কখন উত্থাপন কৰাৰ সময়ত কংগএছ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে ইয়াৰ বিৰোধিতা কৰে।
অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে এই বিধেয়কখন সংখ্যালঘুসকলৰ বিৰোধী। বিধেয়কখন সংবিধান বিৰোধী। বিধেয়কখনে সংবিধানৰ অনুচ্ছেদ ১৪ উলংঘা কৰিছে। এয়া আমাৰ গণতন্ত্ৰৰ আধাৰ আৰু ইয়াক অঁতৰোৱাৰ চেষ্টা কৰা হৈছে।
চৌধুৰীয়ে কয় যে বিধেয়কখন সংবিধানৰ অনুচ্ছেদ ৫,১৪ আৰু ১৫ৰ মূল ভাৱনাৰ বিৰোধী। ইয়াৰ দ্বাৰা অনুচ্ছেদ ১৩, অনুচ্ছেদ ১৪ক দুৰ্বল কৰিব বিচৰা হৈছে।
অধীৰ ৰঞ্জন চৌধুৰীক প্ৰত্যুত্তৰ দি অমিত শ্বাহে সদনত কয় যে বিধেয়কখন কোনোধৰণে দেশখনৰ সংখ্যালঘুৰ বিৰুদ্ধে নহয়।
আনহাতে, বিধেয়কখন উত্থাপন হোৱাৰ পূৰ্বে লোকসভাত হুলস্থুলৰ সৃষ্টি হয়। সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদবে স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ দলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব।