NORTHEAST NOW (Assamese)

আজি গুৱাহাটীৰ ক’ত কি কাৰ্যসূচী কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ?

July 25, 2021 10:01 am · কল্পজ্যোতি শইকীয়া

আজি শ্বিলঙৰ পৰা আহি গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

বিয়লি ৩:২০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব শ্বাহ।

তাৰ পৰা পোনে পোনে ৰাওনা হ’ব মা কামাখ্যা ধামলৈ। মা-কামাখ্যাৰ আশীৰ্বাদ লৈ ৪ বজাত GMCH ত উপস্থিত হ’ব অমিত শ্বাহ।

GMCH ৰ কেঞ্চাৰ ইনষ্টিটিউটত ৰেডিঅ’ থেৰাপিৰ যন্ত্ৰ মুকলি কৰিব অমিত শ্বাহে।

তাৰ পাছতে সন্ধিয়া ৫ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ অমিত শ্বাহে কোভিডত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লোৱা লোকৰ পৰিয়ালক সাহায্য প্ৰদান কৰাৰ লগতে তামুলপুৰ মেডিকেল কলেজৰ ভাৰ্চুৱেলযোগে শিলান্যাস কৰিব।

তাৰ পাছত পোনে পোনে দিল্লীলৈ ৰাওনা হ’ব অমিত শ্বাহ।

অমিত শ্বাহৰ আগমনক কেন্দ্ৰ কৰি গোটেই গুৱাহাটী খন নিশাৰ ভিতৰতে বিজেপি পতাকাৰে গেৰুৱাময় কৰি তুলিছে বিজেপি কৰ্মকৰ্তাসকলে।

Related News