‘ন্যায়াধীশসকলেতো আৰু নিৰ্বাচন খেলিব নালাগে’: কলেজিয়াম বিতৰ্কৰ মাজতে পুনৰ কটাক্ষ ৰিজিজুৰ

আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে ন্যায়পালিকা আৰু কেন্দ্ৰৰ মাজত চলি থকা সংঘাতৰ পটভূমিত নতুন এক মন্তব্য কৰিছে। যাৰ ফলাফল সুদূৰপ্ৰসাৰী হ’ব বুলি আশা কৰা হৈছে। আইন মন্ত্ৰীগৰাকীয়ে দৰাচলতে কি কৈছে?

ৰিজিজুৱে কয়, “ৰাজনীতিবিদ হিচাপে তেওঁলোকে সকলো সময়তে জনসাধাৰণক পৰীক্ষা দিব লাগে। আনহাতে, ন্যায়াধীশ হোৱাৰ পিছত অধিবক্তাসকলে জনসাধাৰণৰ বিচাৰৰ উৰ্ধত উঠি যায়।‘’

এনে মন্তব্যৰ পিছত ৰিজিজুৱে প্ৰশ্ন কৰে, “ইমান দিনধৰি চলি অহা নিয়মবোৰ কিয় সলনি কৰা নহ’ব?”  অৰ্থাৎ দীৰ্ঘদিন ধৰি চলি অহা এক ব্যৱস্থাৰ পৰিৱৰ্তনৰ আহ্বান জনাইছে নেকি আইন মন্ত্ৰীয়ে? দৰাচলতে কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ কৰাৰ অধিকাৰৰ বিষয়টো বাৰে বাৰে উত্থাপন কৰি আহিছে।

কেন্দ্ৰীয় আইন মন্ত্ৰীগৰাকীয়ে সোমবাৰে দিল্লী বাৰ এছ’চিয়েশ্যনৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰিছিল। তাত ভাষণ দি তেওঁ কয়, “মানুহে সদায় আমাক চাই থাকে, আমাক তেওঁলোকৰ নিজৰ ধৰণে বিচাৰ কৰে। বৰ্তমান, সামাজিক মাধ্যমৰ যুগত আমাৰ কামৰ সদায় সুক্ষ্ম বিশ্লেষণ হয়। নানা ক্ষেত্ৰত ৰাজনৈতিক লোকসকল সাধাৰণ মানুহৰ প্ৰশ্নৰ সন্মুখীন হয়। পৰিস্থিতি এতিয়া আগৰ দৰে একে নহয়, য’ত কেৱল নেতাসকলেহে কথা কয়। সাধাৰণ মানুহৰ ওচৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰাৰ বহুতো উপায় আছে।‘’

ৰিজিজুৱে দাবী কৰে যে ৰাজনীতিবিদসকলে প্ৰতিবাৰেই নিৰ্বাচনত যুঁজ দি ক্ষমতালৈ ঘূৰি আহিব লাগে। কিন্তু ন্যায়াধীশসকলে এনেদৰে সকলো সময়তে ৰাইজৰ প্ৰশ্নৰ সন্মুখীন হ’ব নালাগে।

তেওঁ কয়, “ন্যায়াধীশসকলৰ আচৰণ ৰাইজে পৰীক্ষা কৰিব নালাগে। কিয়নো এবাৰ তেওঁলোক ন্যায়াধীশ হ’লে, তেওঁলোকে আৰু নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নালাগে।‘’ ৰিজিজুৱে অৱশ্যে সতৰ্ক কৰি দিয়ে যে পোনপটীয়াকৈ নহ’লেও সাধাৰণ ৰাইজে ন্যায়াধীশসকলৰ ৰায়ৰ ওপৰত নজৰ ৰাখিছে। দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাই সামাজিক মাধ্যমত ন্যায়াধীশসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে মাত মাতিছিল। ৰিজিজুৱে দাবী কৰে যে তেওঁ সেই সময়ত সহায়ৰ হাত আগবঢ়াইছিল।

আনহাতে, কিছুদিন পূৰ্বে মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত তেওঁ দাবী কৰিছিল যে কলেজিয়ামত নাম দিয়াৰ পৰামৰ্শ দিয়াৰ অধিকাৰ কেন্দ্ৰীয় চৰকাৰক দিয়া উচিত। অৱশ্যে ৰিজিজুৱে সোমবাৰে এই অভিযোগ অস্বীকাৰ কৰে। তেওঁ লগতে কয় যে ১৯৪৭ চনৰ পিছত আইনব্যৱস্থাত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে। কিয়নো একেই নিয়ম চিৰকাল চলি থাকিব নোৱাৰে।