DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ভাল খৱৰ: তৈয়াৰ হৈছে কৰ’নাৰ ভেকচিন; ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ দিব শক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
April 3, 2020 3:51 pm
university-of-pittsburgh new
70.5k
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ ভেকচিন (টীকা)ক লৈ সমগ্ৰ বিশ্বতে গৱেষণা চলি আছে। বেলেগ বেলেগ দেশে তেওঁলোকৰ দেশসমূহত ভেকচিন তৈয়াৰ কৰি থকাৰ দাবী কৰিছে।

ইয়াৰ মাজতে আমেৰিকাৰ বিজ্ঞানীয়ে দাবী কৰিছে যে তেওঁলোকৰ ভেকচিনে এনে পৰ্যায়ত উপনীত হৈছে যাৰ দ্বাৰা কৰ’না ভাইৰাছৰ সংক্ৰমণ শক্তিশালীভাৱে প্ৰতিৰোধ কৰিব পৰা যাব।

সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাছ মহামাৰীয়ে এতিয়ালৈকে ৫০ হাজাৰতকৈয়ো অধিক লোকৰ প্ৰাণ লোৱাৰ লগতে ১০ লাখতকৈয়ো অধিক লোকক আক্ৰান্ত কৰিছে।

য়ুনিভাৰ্ছিটি অফ পিটছ্বাৰ্গ স্কুল অফ মেডিচিনৰ বিজ্ঞানীসকলে দাবী কৰিছে যে তেওঁলোকে বাকী দেশৰ তুলনাত কম সময়তে COVID-19 কৰ’না ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে।

য়ুনিভাৰ্ছিটিখনৰ বিজ্ঞানীসকলে যি ভেকচিন তৈয়াৰ কৰিছে তাৰ বাবে তেওঁলোকে ছাৰ্ছ (SARS) আৰু মাৰ্ছ (MERS)ক আধাৰ হিচাপে লৈছে।

পিটছ্বাৰ্গ স্কুল অফ মেডিচিনৰ সহযোগী অধ্যাপক আন্দ্ৰিয়া গমবোট্টোই জানিবলৈ দিয়া মতে ছাৰ্ছ আৰু মাৰ্ছৰ ভাইৰাছ নতুন কৰ’না ভাইৰাছ অৰ্থাৎ COVID-19ৰ সৈতে বহুখিনি মিলে। ইয়াৰ দ্বাৰা বুজিব পৰা গৈছে যে তিনিওটাৰে স্পাইক প্ৰ’টিন (ভাইৰাছৰ বাহিৰৰ তৰপ) ভেদ কৰাটো বহুত প্ৰয়োজনীয় যাতে এই ভাইৰাছৰ পৰা মানুহে মুক্তি পায়।

অধ্যাপক আন্দ্ৰিয়াই কয় যে আমি ভাইৰাছটো কেনেকৈ মাৰিব লাগে, ইয়াক কেনেকৈ পৰাজিত কৰিব লাগে সেয়া বিচাৰি পাইছো। আমি আমাৰ বেকচিনটো নিগনিৰ ওপৰত প্ৰয়োগ কৰি চাইছো। ইয়াৰ ফলাফল বহুত ইতিবাচক।

অধ্যাপকগৰাকীয়ে কয় যে এই ভেকচিনৰ নাম আমি পিটগোৱেক(PittGoVacc) ৰাখিছো। ভেকচিনটোৰ প্ৰয়োগৰ ফলত নিগনিৰ শৰীৰত এনেকুৱা এন্টিবডিজ উৎপন্ন হয় যি কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰাত সক্ষম।

অধ্যাপক গমবোট্টোই জানিবলৈ দিয়ে যে COVID-19 কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ যিমান এন্টিবডিজৰ শৰীৰত প্ৰয়োজন হয়, সিমান পিটগোৱেক ভেকচিনে পূৰণ কৰিব পাৰে। অতি শীঘ্ৰে ইয়াক মানুহৰ শৰীৰত পৰীক্ষা কৰি চোৱা হ’ব।

পিটছ্বাৰ্গ স্কুল অফ মেডিচিনৰ দলটোৱে অহা কেইমাহৰ ভিতৰতে এই বেকচিন মানুহৰ শৰীৰত পৰীক্ষা কৰা আৰম্ভ কৰিব।

দলটোৱে জানিবলৈ দিয়ে যে তেওঁলোকে যোৱা বছৰ মাৰ্ছ(NERS) ভাইৰাছৰ বাবে বনোৱা ভেকচিন বহুত সফল হৈছিল।

Tags: COVID19

Recent News

Qutub Minar row

মন্দিৰ ভাঙি নিৰ্মাণ কৰা হৈছিল নেকি কুতুব মিনাৰ! আদালতত কি ক’লে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে

Irfan Habib

“ঔৰংজেৱৰ ভুল পথকেই অনুসৰণ কৰিব নেকি?”- চৰকাৰলৈ প্ৰশ্ন তুলিলে ইতিহাসবিদ ইৰফান হাবিবে

Putin Russia-Ukraine war

ইউক্ৰেইন যুদ্ধৰ পাছত শাস্তিৰ সন্মুখীন হ’ব নেকি পুটিন! ৰুছ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে যুদ্ধ অপৰাধৰ অভিযোগ

batadrava case

বটদ্ৰৱাৰ ঘটনা আৰু অসম চৰকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd