মানাহত ৰহস্যজনক অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ; অঞ্চলব্যাপি তীব্ৰ চাঞ্চল্য

Manah

কৰোণাৰ বিভিষীকাময় পৰিস্থিতিৰ মাজতে আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৮ কিলোমিটাৰ নিলগত থকা মানাহ নদীৰ ওপৰত থকা আৰ চি চি দলংৰ তলত এটা অচিনাকি মৃত দেহ প্ৰত্যক্ষ কৰে পথচাৰীয়ে।

বগুৰী গছত ওলমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মৃত্যুদেহটো মাণিকপুৰ বৰবিলা গাওঁৰ এজন মাছমৰীয়াৰ বুলি প্ৰথমে সন্দেহ কৰা হৈছিল। অৱশ্যে পিছত মৃত লোকজন সেই গাঁৱৰ নহয় বুলি  নিশ্চিত হৈছে স্থানীয় লোকসকলে।

স্থানীয় ৰাইজৰ মতে এয়া হত্যা নে আত্মহত্যা সেয়া ৰহস্য জনক হৈ পৰিছে।

আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব লোকজনক হত্যা কৰা হৈছে নে আত্মহত্যা কৰিছে।