NORTHEAST NOW (Assamese)

অহা ৩১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈকে বৃদ্ধি আনল’ক ৫.০ৰ সময়সীমা

October 28, 2020 7:55 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

যোৱা ৩০ ছেপ্তেম্বৰত গৃহ মন্ত্ৰ্যালয়ে জাৰি কৰা আনল’ক ৫.০ ৰ নিৰ্দেশনা সমূহ অহা ৩১ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈকে পুনৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশৰ গৃহ মন্ত্ৰ্যালয়ে দিয়া নীতি নিৰ্দেশনা অনুসৰি আনল’ক ৫.০ত পূৰ্বৰ দৰে আন্তৰ্জাতিক বিমান পৰিবহন, খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে চুইমিং পুল, ব্যৱসায়ৰ বাবে প্ৰদৰ্শনী, ৫০% দৰ্শকেৰে চিনেমা হল, প্ৰেক্ষাগৃহ আদি খোলা ৰাখিব পাৰিব।

আনহাতে বিভিন্ন ধৰণৰ সামাজিক অনুষ্ঠানত মানুহৰ উপস্থিতিৰ সংখ্যা ২০০ জনকে বাহাল ৰখা হৈছে।

ইয়াৰ উপৰি আনল’ক ৫ৰ অন্য গুৰুত্বপূৰ্ণ নিয়ম সমূহ হ’ল-

কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ কোনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে স্থানীয়ভাৱে লকডাউন ঘোষণা কৰিব নোৱাৰে।

পৃথক অনুমতি বা অনুমোদন নোলোৱাকৈয়ে আন্তঃৰাজ্যিক আৰু ৰাজ্যৰ ভিতৰত চলাচল-সৰবৰাহ কৰিব পাৰিব।

সকলো ব্যৱসায়ীক প্ৰতিষ্ঠানে সামাজিক তথা শাৰীৰিক দূৰত্ব বৰ্তাই ৰাখিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

Related News