মুখ্য মন্ত্ৰীক অনশনস্থলীত মৃতদেহ হিচাপ কৰিবলৈ ক’লে বেতন বঞ্চিত শিক্ষকে

ইন্টাৰনেটৰ পৰা সংগৃহীত সৰ্বানন্দ সোণোৱালৰ আলোকচিত্ৰ

‘মুখ্য মন্ত্ৰী মহোদয় আমাক ফ্ৰিজত নথ’ব। আমাক আপুনি বাচিবও নিদিয়ে, পচিবও নিদিয়ে। চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্য মন্ত্ৰীয়ে অনশনস্থলীত শিক্ষকৰ মৃতদেহ হিচাপ কৰিব লাগিব’ -এই ক্ষোভ অসমৰ এজন বেতন বঞ্চিত প্ৰাথমিক শিক্ষকৰ।

ৰাজ্যৰ বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাই আজিৰ পৰা লখিমপুৰ চহৰৰ ত্যাগক্ষেত্ৰত চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন নকৰাৰ প্ৰতিবাদত আমৰণ অনশনত বহিছে।

উল্লেখযোগ্য যে, চৰকাৰৰ বিৰুদ্ধে শিক্ষকসকলে বিগত বৰ্ষৰ ১০ আগষ্টৰ পৰা ১৪ আগষ্টলৈও একে স্থানতে অনশনত বহিছিল। নলবাৰী, কামৰুপ, বাক্সা, দৰং আৰু ওদালগুৰি জিলাৰ শিক্ষক সকলে সেই অনশনত অংশ লৈছিল।

প্ৰতিবাদীসকলক অসম চৰকাৰৰ মুখ্য মন্ত্ৰীয়ে দিয়া পত্ৰৰ ভিত্তত মুখ্য মন্ত্ৰীৰ সচিবৰ লগত ৭ ছেপ্তম্বৰত প্ৰতিবাদী শিক্ষকসকলে আলোচনাত মিলিত হয়। আলোচনাত বেতন বঞ্চিত শিক্ষক সকলৰ পদসমূহ দুমাহৰ ভিতৰত নিয়মীয়াকৰণৰ লিখিত প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু দুমাহ দূৰৰ কথা আজি পৰ্য্যন্ত চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে, যাৰবাবে পুনৰ অনশনত বহিব লগা হ’ল প্ৰাথমিক শিক্ষকসকল।

আনহাতে, অনশনত অংশগ্ৰহণ কৰা এজন শিক্ষকে এই সমগ্ৰ বিষয়টোত মুখ্য মন্ত্ৰীৰ ক্ষিপ্ৰ হস্তক্ষেপ দাবী কৰে। চৰকাৰৰ ফালৰ পৰা হয় পদসমূহ প্ৰাদেশিকীকৰণ কৰি শিক্ষকসকলক বেতন প্ৰদান কৰক নহ’লে পত্ৰযোগে কাৰণ দৰ্শাই প্ৰাদেশিকীক কৰিব পৰা নহ’ব বুলি বিদ্যালয়ৰ পৰা অব্যাহতি দিয়ক বুলি এজন শিক্ষকে সাংবাদিকৰ আগত কয়।

অসমৰ বিভিন্ন ঠাইৰ পৰা অহা দুই শতাধিক বেতন বঞ্চিত শিক্ষকে মুখ্য মন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট নকৰালৈ মৃত্যু পৰ্য্যন্ত অনশন অব্যাহত থাকিব বুলি সকীয়নি দিয়ে।