৪০০ আসন পাৰ কৰি হৈছিল প্ৰধানমন্ত্ৰী : আজি ৰাজীৱ গান্ধীৰ ৩৩ তম মৃত্যু দিৱস

আজিৰ দিনটো ভাৰতৰ ইতিহাসৰ এক শোকাৱহ দিন। ১৯৯১ চনৰ ২১ মে’ অৰ্থাৎ আজিৰ দিনটোতেই হত্যাৰ বলি হৈছিল ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী। সন্ত্ৰাসবাদীৰ আত্মঘাতী বোমা বিস্ফোৰণত কৰুণ মৃত্যুক সাৱটি লৈছিল স্বাধীন ভাৰতৰ আটাইতকৈ সফল প্ৰধানমন্ত্ৰী হিচাপে পৰিচিত নেতাগৰাকীয়ে।

১৯৯১ চনৰ ২১ মে’ৰ নিশা তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত নিৰ্বাচনী প্ৰচাৰ সভা চলি থকাৰ মাজতেই লিবাৰেচন টাইগাৰছ অৱ তামিল ইলাম নামৰ সংগঠনটোৰ সৈতে জড়িত ব্যক্তিয়ে আত্মঘাতী বোমাৰে আক্ৰমণ কৰিছিল নেতাগৰাকীক।

এই ঘটনা কেৱল ভাৰততেই নহয়, সমগ্ৰ বিশ্ব জোকাৰি গৈছিল ৰাজীৱ গান্ধীৰ মৃত্যুৰ বাতৰিয়ে।

উল্লেখ্য যে মাতৃ ইন্দিৰা গান্ধীক নিৰাপত্তাৰক্ষীয়ে হত্যা কৰাৰ পিছত ১৯৮৪ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল ৰাজীৱ গান্ধী। কংগ্ৰেছৰ ৪০০ গৰাকীতকৈও অধিক সাংসদ জয়ী হৈছিল সেইবছৰ। শাসনলৈ আহিয়েই দেশৰ বিকাশত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁৰ কাৰ্যকালত কম্পিউটাৰৰ প্ৰৱৰ্তন আৰু অৰ্থনৈতিক উদাৰীকৰণ নীতিৰ আৰম্ভণিকে ধৰি উল্লেখযোগ্য আৰ্থ-সামাজিক সংস্কাৰ আৰু প্ৰযুক্তিগত উন্নতি সাধন হৈছিল।

কিন্তু ভাৰতক আগুৱাই নিয়াৰ প্ৰচেষ্টাৰ মাজতে ৰাজীৱ গান্ধীয়ে শ্ৰীলংকাত জাতিগত সংঘাত বৃদ্ধি পোৱাকে ধৰি অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। শ্ৰীলংকাত তামিল জাতীয়তাবাদী সংগঠন এল টি টি ই- এ সৃষ্টি কৰা যুদ্ধকালীন পৰিস্থিতি ভাৰততো বিয়পি পৰাৰ সম্ভাৱনাৰ বাবেই শ্ৰীলংকাৰ গৃহযুদ্ধত হস্তক্ষেপ কৰিছিল ভাৰতে। যাৰ বাবে উগ্ৰ সংগঠনটোৱে প্ৰতিশোধ ল’বৰ বাবে ৰাজীৱ গান্ধীক হত্যাৰ পৰিকল্পনা ৰচনা কৰিছিল।

তামিলনাদুত নিৰ্বাচিনী প্ৰচাৰ চলি থকাৰ সময়তে শ্ৰীপেৰুম্বুদুৰৰ ৰেলীত প্ৰৱেশ ৰিছিল ধনু নামৰ এগৰাকী মহিলা আত্মঘাতী বোমাৰুৱে। ৰাজীৱ গান্ধীয়ে ৰাইজক সম্ভাষণ জনাবলৈ ওচৰ চাপি অহাৰ লগে লগে ধনুৱে নিজৰ শৰীৰত বান্ধি থোৱা বোমা বিস্ফোৰণ ঘটাইছিল। এই বিস্ফোৰণত ৰাজীৱ গান্ধীৰ লগতে প্ৰাণ গৈছিল ৰাজীৱ কেইবাজনো কংগ্ৰেছ দলৰ সদস্য আৰু নিৰীহ দৰ্শকৰ।

ইয়াৰ পিছত ব্যাপক তদন্ত আৰম্ভ হয় আৰু এলটিটিইৰ নেতা আৰু কৰ্মীকে ধৰি এই ষড়যন্ত্ৰৰ সৈতে জড়িত অসংখ্য ব্যক্তিক গ্ৰেপ্তাৰ কৰি গোচৰ চলোৱা হয়।

ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডই ভাৰতীয় ৰাজনীতি আৰু সমাজত চিৰস্থায়ী প্ৰভাৱ পেলাইছিল। ভাৰতত নেতা আৰু সাধাৰণ ৰাইজৰ নিৰাপত্তা সম্পৰ্কে প্ৰশ্ন উত্থাপন হৈছিল। তাৰপিছতেই দুগুণ শক্তিশালী কৰা হৈছিল ভাৰতৰ নিৰাপত্তা ব্যৱস্থা।

মৃত্যুৰ ৩৩ বছৰ পিছতো আজিও দেশৰ জনগণে প্ৰধানমন্ত্ৰী জনক মনত ৰাখিছে। তেওঁৰ ৰাজনৈতিক নীতি-আদৰ্শ আৰু উন্নয়নমূলক কাম-কাজে আজিও দেশৰ নতুন ৰাজনীতিবিদ সকলক অনুপ্ৰাণিত কৰি আহিছে।