উত্তৰ প্ৰদেশ বিজেপিত পদত্যাগৰ জোৱাৰ; ৰাজ্যিক বিজেপিৰ সভাপতিৰ ইস্তফা

উত্তৰ প্ৰদেশত পৰাজয়ৰ পাছত বিজেপিত উঠিছে পদত্যাগৰ জোৱাৰ। ৰাজ্যখনত পৰাজয়ৰ পাছত বিজেপিত আৰম্ভ হৈছে আত্মসমালোচনা। নিৰ্বাচনত পৰাজয়ৰ পাছত সকলো ডাঙৰ নেতাই দিল্লী পায়গৈ। আশা কৰা হৈছে যে দিল্লীত ইউ পি সন্দৰ্ভত এখন ডাঙৰ বৈঠক হ’ব। ইয়াৰ পূৰ্বে পদত্যাগৰ জোৱাৰো আৰম্ভ হৈছে।

উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ দায়িত্ব লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীয়ে দলৰ হাইকমাণ্ডক পদত্যাগ পত্ৰ আগবঢ়াইছে। কিন্তু তেওঁৰ পদত্যাগ এতিয়াও গ্ৰহণ কৰা হোৱা নাই। আনহাতে, ভূপেন্দ্ৰ চৌধুৰীয়ে ৰাজ্যখনৰ পৰাজয়ৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে। চৌধুৰীয়ে অতি সোনকালে এই প্ৰতিবেদন হাইকমাণ্ডৰ ওচৰত দাখিল কৰিব।

অৱশ্যে ইউ পিৰ পৰাজয় সন্দৰ্ভত দিল্লীত বিজেপিৰ বৈঠক অনুষ্ঠিত হ’ব পাৰে। এই বৈঠকত ৰাজ্যত দলৰ পৰাজয়ৰ ওপৰত আলোচনা হ’ব। এই বৈঠকত অংশ ল’বলৈ দিল্লীত উপস্থিত হৈছে ৰাজ্যৰ বৃহৎ নেতা৷

উল্লেখযোগ্য যে দিল্লীত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অংশ ল’বলৈ দিল্লীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী ব্ৰজেশ পাঠক, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰী। শুকুৰবাৰে সংসদীয় দলৰ বৈঠকৰ পূৰ্বে ইউ পি সন্দৰ্ভত বৈঠক হ’ব বুলি আশা কৰা হৈছে।