DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিৰ্বাচনত জিকিল! বিবাহ মণ্ডপ এৰি ভোট গণনা কেন্দ্ৰলৈ ঢাপলি মেলিলে এগৰাকী কইনাই, ক’ত?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 4, 2021 3:50 pm
496
VIEWS
Share on FacebookShare on Twitter

বিবাহ মণ্ডপৰ পৰাই পলাই গ’ল কইনা!

দেওবাৰে উত্তৰপ্ৰদেশত সংঘটিত হৈছে এই আজৱ ঘটনা।

অৱশ্যে প্ৰেমজনিত অথবা বিবাহৰ অনিচ্ছাৰ বাবে নহয়।

নিৰ্বাচনত বিজয়ী হোৱাৰ খবৰ লাভ কৰিহে মণ্ডপৰ পৰা উধাও হ’ল কইনা।

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ মহম্মদপুৰ জাদিদ গাঁৱত সদ্যসমাপ্ত ক্ষেত্ৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয়লাভ কৰে পুনম শৰ্মা (২৮) এগৰাকী যুৱতীয়ে।

ফলাফলৰ দিনা দেওবাৰে তেওঁৰ বিবাহ।

তেওঁ ধাৰণা কৰিছিল যে তেওঁৰ নিৰ্বাচনত বিজয়ী হোৱাৰ কোনো সম্ভাৱনা নাই।

সেয়ে নিশ্চিন্তভাৱে হাতত মেহেন্দি, শৰীৰত গহণা আৰু লেহেংগা পিন্ধি দৰাক বৰমাল্য পিন্ধা অনুষ্ঠানৰ বাবে অপেক্ষা কৰি আছিল।

কিন্তু বিবাহস্থলীতে তেওঁ গম পায় যে ভোটত তেওঁ জয়ী হৈছে।

মুঠ ৬০১ টা ভোটসহ তেওঁ ৩১টা ভোটৰ ব্যৱধানত বিজয়লাভ কৰিছে।

জয়ী হিচাপে তেওঁ প্ৰমাণপত্ৰ লাভ কৰিব।

তৎক্ষণাৎ তেওঁ পাহৰি গ’ল বিয়াৰ কথা।

বিয়াৰ সাজ পিন্ধিয়েই পুৱা ৯,৩০ বজাত তেওঁ ২০ কিলোমিটাৰ নিলগৰ ভোট গণনা কেন্দ্ৰলৈ ঢাপলি মেলে।

কইনাৰ সাজত নিৰ্বাচনী প্ৰাৰ্থীক দেখা পায় হতচকিত হৈ পৰে গণনা কেন্দ্ৰত উপস্থিত থকা লোকসকল।

পুনমৰ হাতত তুলি দিয়া হয় বিজয়ৰ প্ৰমাণপত্ৰ।

সামাজিক মাধ্যমত ইয়াৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত পুনমে কয় যে নিৰ্বাচনত বিজয়ী হোৱাটো তেওঁৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ বিবাহৰ উপহাৰ।

তেওঁ কয় যে দৰাপক্ষৰ অনুমতিমৰ্মে তেওঁ গণনাকেন্দ্ৰলৈ আহিছে আৰু গাওঁখনৰ সকলো লোক তেওঁৰ এই বিজয়ত সুখী হৈ পৰিছে।

গণনা কেন্দ্ৰৰ পৰা প্ৰমাণপত্ৰসহিতে তেওঁ যেতিয়া বিবাহ মণ্ডপলৈ যায়, তৎক্ষণাত বাকী থকা অনুষ্ঠানসমূহ ৰূপায়ন কৰা হয়।

মহিলা প্ৰাৰ্থীৰ বাবে সুৰক্ষিত থকা পঞ্চায়তটোৰ নিৰ্বাচনত উঠাৰ ক্ষেত্ৰত তেওঁক দেউতাকে অনুপ্ৰেৰণা যোগোৱা বুলি পুনমে ব্যক্ত কৰিছে।

ভৱিষ্যতে পুনমৰ ৰাজনৈতিক যাত্ৰাত স্বামী আৰু স্বামীৰ পৰিয়ালৰ তৰফৰ পৰা সহযোগ প্ৰদান কৰিব বুলি তেওঁ বিশ্বাস কৰে বুলিও ভাষ্য প্ৰদান কৰে।

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd