অযোধ্যাৰ মন্দিৰকে ধৰি অন্যান্য ধৰ্মীয় স্থানসমূহক পৌৰ কৰৰ পৰা ৰেহাই

অযোধ্যাৰ মন্দিৰসমূহকে আন ধৰ্মীয় প্ৰতিষ্ঠানসমূহক পৌৰ কৰৰ পৰা ৰেহাই দিয়া হৈছে। ফলত এই মন্দিৰসমূহে এতিয়াৰে পৰা চৰকাৰক পৌৰ কৰৰ নামত কোনো কৰ আদায় দিব নালাগে।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মন্দিৰ চহৰ অযোধ্যা ভ্ৰমণ কৰি এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে।

তেওঁ পৌৰ নিগমক মন্দিৰ আৰু অন্যান্য ধৰ্মীয় স্থানৰ ওপৰত বাণিজ্যিক কৰ আৰোপ নকৰিবলৈ নিৰ্দেশ দিয়ে। দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যখনৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত আদিত্যনাথে প্ৰথমবাৰৰ বাবে অযোধ্যা ভ্ৰমণ কৰি এই সিদ্ধান্তৰ কথা ৰাজহুৱা কৰে।

উল্লেখ্য ইমান দিনে অযোধ্যাত পৌৰ নিগমে মঠ, মন্দিৰ, ‘ধৰ্মশালা’, আৰু দাতব্য সংগঠনসমূহৰ পৰা গৃহ কৰ, পানী কৰ, নৰ্দমা কৰ আদায় আদি কৰ বাণিজ্যিক হাৰত আদায় কৰি আহিছিল।

২০২০ চনৰ আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ পিছত প্ৰথমবাৰ অযোদ্ধাত ধুমধামেৰে ৰাম নৱমী মেলা অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলোৱা হৈছে।

এই সময়ছোৱাত হাজাৰ হাজাৰ ভক্ত অযোধ্যালৈ আহিব। এই কথালৈ লক্ষ্য ৰাখি অযোদ্ধাত এক মনোমোহা পৰিৱেশ সৃষ্টি কৰাৰ প্ৰস্তুতি চলিছে।