NORTHEAST NOW (Assamese)

দুর্নীতিৰ পুৰষ্কাৰ! চাৰিজন তথ্য বিষয়াক পিয়ন, ছিকিউৰিটি গাৰ্ডৰ পদলৈ অৱনমিত

January 11, 2021 8:13 am · এন ই নাও নিউজ
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ।

হাথৰাছৰ ধৰ্ষণ কাণ্ডৰ পাছত বদায়ুৰ গণ ধৰ্ষণক লৈ উত্তাল হৈ পৰিছে উত্তৰ প্ৰদেশ চৰকাৰ। ইয়াৰ মাজতে ৰাজ্য চৰকাৰখনে দুৰ্নীতিৰ অভিযোগত চাৰিজন বিষয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

তথ্য বিভাগৰ চাৰিজন বিষয়াক বিষয়া পদৰ পৰা অৱনমিত কৰি পিয়ন, ছিকিউৰিটি গাৰ্ড পদত কাৰ্যনিৰ্বাহ কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

বাতৰি অনুসৰি, বেৰেইলি জিলাৰ অতিৰিক্ত তথ্য বিষয়া নৰসিংহক পিয়ন পদত, ফিৰোজাবাদৰ অতিৰিক্ত জিলা তথ্য বিষয়া দয়াশংকৰক কাৰ্যালয়ৰ ছিকিউৰিটি গাৰ্ড হিচাপে যোগদান কৰিবলৈ কোৱা হৈছে।

আনহাতে, মথুৰা আৰু ভদোহিৰ অতিৰিক্ত জিলা তথ্য বিষয়া হিচাপে পদোন্নতি লাভ কৰা বিনোদ কুমাৰ শৰ্মা আৰু অনিল কুমাৰ সিঙক আকৌ চিনেমা অপাৰেটৰ আৰু যোগাযোগ সহায়ক হিচাপে তেওঁলোকৰ পূৰ্বৰ পদতে বাহাল ৰাখিছে চৰকাৰে।

অভিযোগ অনুসৰি, এই বিষয়াসকলে নীতি বিৰুদ্ধভাৱে দুৰ্নীতিৰ আশ্ৰয় লৈ পদোন্নতি লাভ কৰি বিষয়া হৈছিল যদিও তেওঁলোকৰ সেই যোগ্যতা নাই।

সেয়েহ, যোগ্যতা অনুসৰি যিয়ে যি পদৰ বাবে যোগ্য সেই পদলৈ পঠিওৱা হৈছে বুলি জানিবলৈ দিছে যোগী প্ৰশাসনে।

ৰাজনৈতিক মহলত একাংশই  এই পদক্ষেপক এক নজিৰবিহীন ঘটনা বুলি অভিহিত কৰা হৈছে।

Related News