আৰক্ষীৰ জিম্মাত যুৱকৰ কৰুণ মৃত্যু, হত্যাৰ অভিযোগ পৰিয়ালৰ

জিম্মাত থকা আচামীৰ মৃত্যুৰ গোচৰত পুনৰ শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। যৌন নিৰ্যাতনৰ গোচৰত জেৰাৰ বাবে মাতি অনা এজন লোকৰ বৃহস্পতিবাৰে (১৬ মে’) ৰাজ্যখনৰ গৌতম বুদ্ধ নগৰ জিলাৰ এখন আৰক্ষী চকীত মৃত্যু হয়।

মৃত যোগেশ কুমাৰৰ পৰিয়ালে আৰক্ষীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। মৃতকৰ ভাতৃয়ে কয় যে যোগেশক জিম্মাত পৰা মুক্তিৰ বাবে স্থানীয় আৰক্ষীয়ে ৫ লাখ টকাৰ উৎকোচ দাবী কৰিছিল৷এই গোচৰৰ সন্দৰ্ভত আৰক্ষীয়ে প্ৰথমে কৈছিল যে যোগেশৰ মৃত্যু হৈছে আত্মহত্যা, কিন্তু গোচৰৰ সকলো দিশ মনত ৰাখি তদন্ত চলি আছে।

এই সন্দৰ্ভত উত্থাপিত অভিযোগৰ ভয়াৱহতা বিবেচনা কৰি গৌতম বুদ্ধ নগৰ আৰক্ষীয়ে বিছৰাখৰ চিপিয়ানা আৰক্ষী চকীত কৰ্তব্যৰত সকলো আৰক্ষীক নিলম্বন কৰিছে, য’ত যুৱকজনৰ মৃত্যু হৈছিল৷আৰক্ষীৰ তথ্য অনুসৰি যোগেশৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত এফ আই আৰো ৰুজু কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত বিতং তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই।

উল্লেখযোগ্য যে যোগেশে আগতে এখন বেকাৰীত কাম কৰিছিল। তেওঁৰ এগৰাকী মহিলা সহকৰ্মীয়ে তেওঁৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ দাখিল কৰিছিল, তাৰ পাছত ১৫ মে’ত আৰক্ষীয়ে যোগেশক সোধা-পোছাৰ বাবে থানালৈ মাতিছিল।