কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে ছেলফি উঠি বিপদত মহিলা কনিষ্টবল

কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ সৈতে ছেলফি উঠি বিপদত পৰিছে এতিয়া উত্তৰ প্ৰদেশৰ কেইবাগৰাকীও মহিলা কনিষ্টবল।

হয়তো প্ৰিয়ংকাৰ সৈতে ছেলফি উঠা বাবে মহিলা কনিষ্টবল কেইগৰাকী চাকৰিৰ পৰা নিলম্বিতও হ’ব পাৰে।

আপাততঃ তেনেই ইংগিতেই পোৱা গৈছে। কালি আগ্ৰাত আৰক্ষীৰ জিম্মাতে মৃত্যু ঘটা চাফাইকৰ্মী অৰুণ বাল্মীকিৰ পৰিয়ালক সাক্ষাৎ কৰাৰ বাবে আগ্ৰালৈ গৈছিল কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধী।

কিন্তু নানান অজুহাত দেখুৱাই উত্তৰ প্ৰদেশ আৰক্ষীয়ে প্ৰিয়ংকাক গন্তব্য স্থান পোৱাৰ আগতেই পথতে আবদ্ধ কৰি ৰাখে।

আৰক্ষীয়ে আবদ্ধ কৰি ৰখাৰ সময়তে উত্তৰ প্ৰদেশ আৰক্ষীৰ কেইগৰাকীমান মহিলা কনিষ্টবলে প্ৰিয়ংকাৰ সৈতে ছেলফি উঠাৰ লোভ সামৰিব নোৱাৰিলে।

সেয়ে তেওঁলোকে প্ৰিয়ংকাক মনৰ ইচ্ছাৰ কথা ক’লে আৰু প্ৰিয়ংকায়ো তেওঁলোকৰ সৈতে ছেলফি উঠিল।

মহিলা কনিষ্টবল কেইগৰাকীয়ে প্ৰিয়ংকাৰ সৈতে উঠা ছেলফি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীৰ মাজত হাহাকাৰ লাগিল।

যোগীৰ ৰাজ্যৰ আৰক্ষীয়ে প্ৰিয়ংকাৰ সৈতে ছেলফি উঠে! লক্ষ্ণৌৰ আৰক্ষীৰ আয়ুক্ত ডি কে ঠাকুৰে প্ৰকাশ কৰা মতে প্ৰিয়ংকাৰ সৈতে ছেলফি উঠা মহিলা আৰক্ষী কনিষ্টবলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

এই কথা জানিব পাৰি প্ৰিয়ংকাই যোগী আদিত্যনাথৰ আৰক্ষীক টুইটাৰত উভতি ধৰিছে।

প্ৰিয়ংকাই এইবুলি প্ৰশ্ন কৰিছে যে তেওঁৰ সৈতে ছেলফি উঠাটো অপৰাধ নেকি? যদি অপৰাধ তেন্তে ইয়াৰ বাবে তেওঁকো শাস্তি বিহক।

উল্লেখ্য কালি দুঘণ্টা ধৰি পথতে আবদ্ধ কৰি ৰখাৰ পিছত আৰক্ষীয়ে মাত্ৰ চাৰিজন লোক লগত লৈ প্ৰিয়ংকাক নিহত চাফাইকৰ্মী জনৰ পৰিয়ালক সাক্ষাতৰ অনুমতি দিছিল।