খিলঞ্জীয়াৰ স্বাৰ্থত ভোট দিয়াৰ আহ্বান গুৱাহাটীৰ নিৰ্দলীয় প্ৰাৰ্থী উপমন্যু হাজৰিকাৰ
ৰাজ্যৰ চৌদিশে লোকসভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী বতাহ ক্ৰমাৎ গৰম হৈ পৰিছে। বিজেপি,কংগ্ৰেছ,অগপ সকলো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান এক প্ৰকাৰ তীব্ৰতৰ কৰি তুলিছে ৷
ৰাজ্যখনৰ আটাইতকৈ সন্মানীয় সমষ্টি গুৱাহাটী লোকসভা সমষ্টিতো প্ৰচাৰ অভিযান তুংগত উঠিছে ৷এতিয়ালৈ কংগ্ৰেছ দলে সমষ্টিটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই যদিও সমষ্টিটোৰ চুকে কোণে তীব্ৰ প্ৰচাৰ চলাইছে বিজেপিৰ প্ৰাৰ্থী কুইন ওজাই ৷ এইক্ষেত্ৰত পিছ পৰি থকা নাই নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকও ৷
‘’খিলঞ্জীয়াৰ ভোটত নিৰ্বাচিত হোৱা প্ৰতিনিধিয়ে খিলঞ্জীয়াৰ স্বাৰ্থ আগত ৰাখিব লাগিব, কোনো বিদেশী বা দলৰ নহয়৷ অসমৰ কথা, খিলঞ্জীয়াৰ কথা শুনিবলৈ আৰু শুনাবলৈ দিল্লীত মাত দিব লাগে, সংসদত মাত দিব লাগে,’’- এই কথাকে সাৰোগত কৰি নিৰ্বিচনী প্ৰচাৰত নামি পৰিছে গুৱাহাটী লোক সভাৰ নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকাই ৷
মঙলবাৰে বিয়লি গুৱাহাটী লোকসভাৰ অন্তৰ্গত কৃষ্ণাই আৰু পাইকানত প্ৰচাৰ চলাই ৰাইজৰ ভোট ভিক্ষা কৰে হাজৰিকাই ৷ প্ৰাৰ্থী গৰাকীয়ে কৃষ্ণাই আৰু পাইকানত উপস্থিত হৈ বিভিন্ন শ্ৰেণীৰ স্থানীয় লোকৰ সতে মত বিনিময় কৰাৰ লগতে গুৱাহাটী সমষ্টিটোত তেওঁক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ভোট দানৰ আহ্বান জনায় ৷
আনহাতে, অঞ্চলটোত প্ৰাৰ্থী গৰাকীয়ে হাতে হাতে প্ৰচাৰ প্ৰত্ৰ বিলাই ভোটাৰৰ মন আকৰ্ষিত কৰাৰ চেষ্টা কৰে।