DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তথ্য অবিহনে আবেদন কৰি ৰাইজক আভুৱা ভাঁৰা নাটক এখন ৰচিলে চৰকাৰে : উপমন্যু হাজৰিকা

শান্তনু শইকীয়া by শান্তনু শইকীয়া
July 27, 2019 8:02 am
27-01-19-Guwahati-Upamanyu-Hazarika-press-meet-1-1140x570

উপমন্যু হাজৰিকা। ফাইল ফটো

1k
VIEWS
Share on FacebookShare on Twitter

‘কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা এন আৰ চিৰ পুনৰ পৰীক্ষণ বিচাৰি উচ্চতম ন্যায়ালয়লৈ প্ৰেৰণ কৰা আবেদন নাকচ কৰাত আচৰিত হ’বলগীয়া একো নাই,‘ প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকাই শুকুৰবাৰে এক বিবৃতিযোগে এইদৰে কয়।

বিবৃতিটোত হাজৰিকাই কয় যে চৰকাৰ দুখনৰ আবেদনত তথ্য সংলগ্নৰে এন আৰ চিৰ বিসংগতি উদঙাই দিয়া হোৱা নাই। ন্যায়ালয়ে আবেদন বা শপতনামাত প্রকাশ কৰা তথ্যৰ ভিত্তিত নিৰ্দেশ দিয়ে। এন আৰ চিৰ বিসংগতি দাঙি ধৰি বা পুনৰ পৰীক্ষণৰ সমৰ্থনত যেতিয়া কোনো তথ্যই দিয়া হোৱা নাই, তেনে অৱস্থাত আবেদন নাকচ কৰাটো স্বাভাৱিক।

‘বিগত এবছৰ চৰকাৰ কেৱল বাদ পৰা সকলক অন্তৰ্ভুক্ত কৰিবলৈ ব্যস্ত আছিল।  কিন্তু চূড়ান্ত এন আৰ চি প্ৰকাশৰ বাবে এমাহতকৈ কম সময় বাকী থাকোতে তথ্যৰ অবিহনে আবেদন এখন কৰি ৰাইজক আভুৱা ভাঁৰিবলৈ এখন নাটক ৰচিলে।‘ হাজৰিকাই এইদৰে তেওঁৰ মত ব্যক্ত কৰে।

আনহাতে, তেওঁ উল্লেখ কৰে যে  যোৱা ২৬ আগষ্ট ২০১৮ তাৰিখে এন আৰ চিৰ বৃহৎ বিসংগতি উদঙাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক তেওঁ এখন স্মাৰকপত্ৰ দিছিল য’ত এন আৰ চিৰ বিসংগতিসমূহ স্পষ্ট ৰূপত প্ৰকাশ কৰা হৈছিল।

উদাহৰণ স্বৰূপে ,তেওঁ দাঙি ধৰা বিসংগতি সমূহৰ ভিতৰত আছিল ৮০ লাখ বিদেশীৰ বিপৰীতে এন আৰ চিত ৪০ লাখ হে বাদ পৰিছিল যি সংখ্যা আৰু হ্ৰাস পাব, সীমান্তৱৰ্তী জিলাত বাদ পৰা গঁড় সংখ্যা ৭.৫% য’ত নেকি ৰাজ্যিক ভিত্তিক হ্ৰাস পোৱা গঁড় সংখ্যা ১২.১৫%।

তেওঁ উনুকিয়াই দিয়ে যে ন্যায়ধীকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা ঘোষিত বিদেশী এন আৰ চিত অন্তৰ্ভুক্ত হোৱাটোৱে প্ৰমাণ কৰিলে যে এন আৰ চিৰ বাছনি প্ৰক্ৰিয়াত বহুতো ত্ৰুতি আছে। ক্ষেত্ৰ অধ্যয়নত নিৰ্ধাৰিত প্রক্রিয়াক উলংঘন কৰি কেৱল তিনি জন সাক্ষীৰ ভিত্তিত এজন ব্যক্তিক এন আৰ চিত অন্তৰ্ভূক্ত কৰা হৈছে।

আনহাতে, কোনো নথি পত্ৰৰ পৰীক্ষণ নোহোৱাকৈ ভুৱা লিগেচী তথ্য দিয়া সকলক অন্তৰ্ভুক্ত কৰা, ১৯৭১ চনৰ পিছত প্ৰতিস্থা হোৱা গাওঁৰ পঞ্চায়তৰ সভাপতি/ সম্পাদকৰ প্ৰমাণপত্ৰৰ ভিত্তিত অন্তৰ্ভুক্ত কৰাৰ লগতে এন আৰ চি প্ৰক্ৰিয়াত জড়িত বহুখিনি বিষয়ববীয়াই ঘোষিত বিদেশীক এন আৰ চিত অন্তৰ্ভূক্ত কৰা বুলিও তেওঁ কয়।

‘এন আৰ চিৰ বিসংগতিৰ সকলো তথ্য জানিও চৰকাৰে তথ্য সমূহ উচ্চতম ন্যায়ালয়ত দাঙি নধৰিলে, পুনৰ পৰীক্ষণ বিচাৰি কেৱল এখন নাটকহে ৰচিলে , আৰু আবেদন নাকচ হোৱাৰ পিছত দোষ আৰু দায়িত্ব উচ্চতম ন্যায়ালয়ৰ ওপৰত ঠেলি দিবলৈ প্ৰচেষ্টা চলাইছে,’-হাজৰিকাই মন্তব্য কৰে।

উচ্চতম ন্যায়ালয়ত চৰকাৰে খিলঞ্জীয়া বিৰোধী স্থিতি অব্যাহত ৰাখিছে। ভিত্তিবৰ্ষৰ ক্ষেত্ৰত ১৯৭১ চনৰ সমৰ্থনত অসমত জন্ম হোৱা বিদেশীৰ সতী-সন্ততিক   নাগৰিকত্ব প্ৰদান কৰিবলৈ আৰু শেহতীয়াভাৱে নাটক ৰচি তথ্য অবিহনে পুনৰীক্ষণৰ আবেদন নাকচ কৰোৱা বুলিও তেওঁ দাবী কৰে।

Recent News

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া সমাজকৰ্মী জৰ্জ বৰদলৈৰ মৃত্যুত শোকৰ ছাঁ

Russia-Ukraine war

যুদ্ধ অপৰাধৰ বিচাৰত ৰুছ সৈন্যক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে ইউক্ৰেইনৰ আদালতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd