DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে : উপমন্যু হাজৰিকা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 7, 2018 7:56 am
Mahanta
420
VIEWS
Share on FacebookShare on Twitter

‘প্ৰফুল্ল মহন্তই বিদেশীক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰে।‘ বৃহস্পতিবাৰৰ সংবাদমেলত এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা প্ৰব্ৰজন বিৰোধী মঞ্চৰ মুখ্য আহ্বায়ক উপমন্যু হাজৰিকাই।

তেওঁ লগতে ‘অসমীয়া মুছলমানক প্ৰফুল্ল মহন্তই বাদ দি দিলে‘ বুলি মন্তব্য কৰাৰ লগতে কয়, ‘ন-অসমীয়া মুছলমানক সম্বৰ্ধনা জনাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লতাশিলত অনুষ্ঠিত হোৱা সভাখন আৰম্ভ কৰিছিল।‘

আনহাতে, বৰপেটা কাণ্ডৰ অভিযুক্তসকলৰ বিৰুদ্ধে এতিয়ালৈকে চার্জশ্বিট দাখিল হোৱা নাই বুলিও সংবাদমেলত অভিযোগ তোলে হাজৰিকাই। তেওঁ কয়, ‘২০১০ চনৰ ২১ জুলাইত বৰপেটা কাণ্ডৰ সৈতে জড়িত ৫ জন লোকৰ নাম জিলা দণ্ডাধীশৰ তদন্তত পোহৰলৈ আহিছিল। আব্দুছ ছামাদ আহমেদ নামৰ লোক এজনৰ নামো আহিছিল, যিজন বৰ্তমান কংগ্ৰেছৰ এজন নেতা।‘

লক্ষণীয় কথা যে, কোনো এখন সভাত আব্দুছ ছামাদ আহমেদৰ সৈতে মহন্তই একেলগে ফটো উঠিছিল। এই অভিযোগ কৰে হাজৰিকাই। হাজৰিকাৰ মতে ফটোখন প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিজে আপল’ড দিছিল।

‘এনআৰচিৰ পাইলট প্ৰজেক্টৰ সময়ত বৰপেটাৰ উপায়ুক্ত কাৰ্য্যালয় উত্তপ্ত কৰি তোলা আৰু অসম চুক্তিত স্বাক্ষৰ কৰা দুয়োজন একেখন মঞ্চত কেনেকৈ?’ বুলি প্ৰশ্ন তোলে হাজৰিকাই।

প্ৰণিধানযোগ্য যে, যোৱা ২৯ টা মাহে অসমৰ নেতাসকলে খিলঞ্জীয়াক বুঢ়া আঙুলি দেখুৱাই নিৰাপত্তাহীন কৰা বুলি এখন গোহাৰি পত্ৰ প্ৰকাশ কৰিছে প্ৰব্ৰজন বিৰোধী মঞ্চই। মঞ্চই গোহাৰিত প্ৰকাশ কৰা মতে ‘বঢ়মপুৰৰ খিলঞ্জীয়াই অসম চুক্তিত স্বাক্ষৰ কৰা প্ৰফুল্ল কুমাৰ মহন্তক নিৰ্বাচিত কৰে। তাৰ বিপৰীতে অসম চুক্তিৰ বিৰোধিতা কৰা, এন আৰ চিৰ পাইলট প্ৰজেক্ট স্থগিত কৰা, বৰপেটাৰ উপায়ুক্তৰ কাৰ্য্যালয় জ্বলাই অভিযুক্ত হোৱা ব্যক্তি, দল আৰু প্ৰব্ৰজনকাৰীৰ লগত উঠা-বহা কৰে প্ৰফুল্ল মহন্তই।

মন কৰিবলগীয়া কথা যে, স্বাস্থ্য ও বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কলিয়াবৰ আৰু বঢ়মপুৰত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি ন’ অসমীয়াৰ প্ৰসংগ টানি আনি অগপ দলক কটাক্ষ কৰিছিল।

Recent News

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Amarinder Singh

শীঘ্ৰেই বিজেপিলৈ অমৰিন্দৰ সিং: বিজেপিৰ সৈতে চামিল হ’ব পঞ্জাৱ লোক কংগ্ৰেছ

Assam career MHRB

Assam Career : এমএইচআৰবিত বৈজ্ঞানিক বিষয়া আৰু বিশ্লেষকৰ খালী পদৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd