লখিমপুৰ খেৰীৰ কৃষক হত্যাৰ তদন্ত দলক উন্নত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

Supreme Court on Tripura Violence

৩ অক্টোবৰত লখিমপুৰ খেৰীত সংঘটিত চাৰিজন কৃষকৰ হত্যাৰ তদন্ত কৰি থকা বিষয়াসকলক উন্নীত কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক উচ্চতম ন্যায়ালয়ে পৰামৰ্শ আগবঢ়াইছে। উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা আজি জ্যেষ্ঠ বিষয়াসকলৰ এখন তালিকা বিচাৰি উচ্চতম ন্যায়ালয়ে এই পৰামৰ্শ আগবঢ়ায়।

উত্তৰ প্ৰদেশ চৰকাৰে তদন্তৰ মুৰব্বী হিচাপে উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বাছনি কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক নিজা সিদ্ধান্ত ল’বলৈ আহ্বান জনাইছে । আদালতে এই ক্ষেত্ৰত এজন ন্যায়াধীশৰ নাম বিবেচনাৰ বাবে এদিনৰ সময় লৈছে।

আনহাতে আদালতে বৰ্তমান তদন্ত চলাই থকা দলটোৰ বিষয়াসকলৰ কৰ্মদক্ষতাৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে।

এই সন্দৰ্ভত মুখ্য ন্যায়াধীশ এন ভি ৰমনাই কয়, “গোচৰটোৰ তদন্ত কৰি থকা টাস্কফৰ্কটো উন্নীত কৰিব লাগিব। উচ্চতৰ শ্ৰেণীৰ বিষয়া থাকিব লাগিব।”

ন্যায়াধীশ সূৰ্য কান্তে সহমত পোষণ কৰি মন্তব্য কৰে যে বৰ্তমানৰ বিশেষ অনুসন্ধান দলৰ বেছিভাগ বিষয়া কেৱল লখিমপুৰৰ। তেওঁ উত্তৰ প্ৰদেশ চৰকাৰক উত্তৰ প্ৰদেশত কৰ্মৰত কিন্তু উত্তৰ প্ৰদেশৰ অন্তৰ্ভুক্ত নোহোৱা আইপিএছ বিষয়াৰ নাম আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে বুধবাৰে গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।

কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ মূল অভিযুক্ত হিচাপে থকা গোচৰটোৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰে উচ্চতম ন্যায়ালয়ৰ পৰা বহুতো কঠিন প্ৰশ্নৰ সন্মুখীন হৈছে।

গোচৰটোৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত উত্তৰ প্ৰদেশ চৰকাৰক কঠোৰ সমালোচনা কৰি আহিছে উচ্চতম ন্যায়ালয়ে। যোৱা সপ্তাহত উচ্চতম ন্যায়ালয়ে তদন্ত আশানুৰূপ নোহোৱাৰ দোহাই দি উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশক গোচৰটোৰ তদাৰকৰ মুৰব্বী হিচাপে নিয়োগ কৰিবলৈ উত্তৰ প্ৰদেশ চৰকাৰক নিৰ্দেশ দিছিল।

উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে গোচৰটোৰ মূল অভিযুক্ত আশীষ মিশ্ৰক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছিল উচ্চতম ন্যায়ালয়ে।