• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 15, 2026 9:31 pm
58
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ইউপিআই ব্যৱস্থাৰ ওপৰত মাচুল আৰোপক লৈ নতুনকৈ আৰম্ভ হৈছে ৰাজনৈতিক বিতৰ্ক। কেন্দ্ৰীয় চৰকাৰৰ শেহতীয়া এক জাননীক কেন্দ্ৰ কৰি কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী, ২,০০০ টকালৈকে ইউপিআই লেনদেন আৰু RuPay ডেবিট কাৰ্ডৰ জৰিয়তে কৰা পৰিশোধত বেংক বা পৰিশোধ সংস্থাই কোনো মাচুল ল’ব নোৱাৰিব বুলি চৰকাৰে জনাইছে। কিন্তু ২,০০০ টকাৰ ওপৰৰ লেনদেনৰ ক্ষেত্ৰত মাচুল লোৱা হ’ব নে নহ’ব, সেই বিষয়ে চৰকাৰে স্পষ্টকৈ একো কোৱা নাই।

এই বিষয়টোক লৈ ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে সাধাৰণ মানুহৰ ওপৰত ইউপিআই মাচুল আৰোপ কৰাৰ বাবে গোপনে পথ মুকলি কৰিছে। তেওঁৰ মতে, ২,০০০ টকাৰ ওপৰৰ ব্যৱসায়িক ইউপিআই লেনদেনত Merchant Discount Rate বা MDR আৰোপ কৰাৰ সম্ভাৱনা সৃষ্টি হৈছে। ৰাহুলৰ দাবী অনুসৰি, এনে লেনদেনৰ সংখ্যা মুঠ ইউপিআই লেনদেনৰ প্ৰায় ৫ শতাংশ হ’ব পাৰে যদিও ধনৰ পৰিমাণৰ হিচাপত এই অংশ প্ৰায় ৬৫ শতাংশ।

Apply Now

ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছে, চৰকাৰে সাধাৰণ গ্ৰাহকৰ পৰা পোনপটীয়াকৈ কোনো মাচুল নল’লেও ইয়াৰ প্ৰভাৱ শেষত সাধাৰণ মানুহৰ ওপৰতে পৰিব। তেওঁ কয়, ব্যৱসায়ী বা দোকানীৰ ওপৰত অতিৰিক্ত মাচুল আৰোপ কৰা হ’লে সেই ধন ক’ৰ পৰা আহিব? তেওঁৰ মতে, ব্যৱসায়ীসকলে সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি সেই অতিৰিক্ত খৰচ গ্ৰাহকৰ ওপৰত জাপি দিব পাৰে। অৰ্থাৎ, পৰোক্ষভাৱে এই বোজা শেষত জনসাধাৰণৰ ওপৰতে পৰিব বুলি তেওঁ দাবী কৰে।

ভাৰতত এতিয়ালৈ ইউপিআই লেনদেনৰ ক্ষেত্ৰত লেনদেনৰ পৰিমাণ অনুসৰি মাচুল বা MDR নোলোৱাৰ নীতি চলি আহিছে। কংগ্ৰেছৰ অভিযোগ, আমেৰিকাৰ বৃহৎ পৰিশোধ সংস্থাসমূহে ভাৰতৰ এই Zero-MDR নীতিৰ বিৰোধিতা কৰি আহিছিল। সেই পটভূমিতেই ৰাহুল গান্ধীয়ে মোদী চৰকাৰৰ নীতিক আমেৰিকাৰ চাপৰ সৈতে জড়িত কৰিছে।

ৰাহুল গান্ধীয়ে অভিযোগ কৰে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আৰু আমেৰিকাৰ বৃহৎ পৰিশোধ সংস্থাসমূহৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ ভাৰতীয় ইউপিআই ব্যৱস্থাত মাচুল আৰোপৰ পথ প্ৰস্তুত কৰা হৈছে। ভাৰত-আমেৰিকা বাণিজ্য চুক্তিক লৈ তেওঁ পূৰ্বে কৰা অভিযোগৰ সৈতে বিষয়টো সংযোগ কৰি ৰাহুলে কয়, মোদী চৰকাৰে পুনৰ এবাৰ আমেৰিকাৰ চাপৰ ওচৰত নতিস্বীকাৰ কৰিছে।

অৱশ্যে, ২,০০০ টকাৰ ওপৰৰ ইউপিআই ব্যৱসায়িক লেনদেনত প্ৰকৃততে MDR আৰোপ কৰা হ’ব নে নহ’ব, সেই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়াও স্পষ্ট সিদ্ধান্ত প্ৰকাশ হোৱা নাই। সেয়ে চৰকাৰৰ জাননীক কেন্দ্ৰ কৰি কংগ্ৰেছৰ অভিযোগ আৰু কেন্দ্ৰৰ নীতি—এই দুয়োটাৰ মাজত এতিয়া আৰম্ভ হৈছে নতুন ৰাজনৈতিক সংঘাত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd