• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালক সকীয়নী দিয়ে, কিন্তু তেওঁ নিজে জাতিৰ দালালী কৰিছে : উপমন্যু হাজৰিকা

ছিপাঝাৰত খিলঞ্জীয়াক উচ্ছেদ, অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ : উপমন্যু হাজৰিকাৰ গুৰুতৰ অভিযোগ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 15, 2021 5:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক পৰামৰ্শ দিয়ে যে অসম খন পিছ পৰাৰ মূল কাৰণ হল অসমবাসীয়ে নিজৰ কামটো আনে কৰিব বুলি বহি থাকে। তেওঁৰ নিচিনা মিছলীয়া নেতা থাকিলে এই ৰাজ্যখন কেনেকৈ উদ্ধাৰ হব ? তেওঁ মাটিৰ দালালক সকীয়নী দিয়ে কিন্তু তেওঁ তাতোকৈ ডাঙৰ দালালী কৰিছে, জাতিৰ  দালালী কৰিছে।‘ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এনেদৰে কয় প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি সহজে মিছা কথা কব পাৰে বুলি উল্লেখ কৰি হাজৰিকাই লগতে কয় ‘ৰাইজে এই কাৰণে গ্ৰহণ কৰে যে এজন জ্যেষ্ঠ নেতা বিশেষকৈ এজন মুখ্যমন্ত্ৰীয়ে  এনেদৰে মিছা কথা কব পাৰে বুলি সাধাৰণ জনতাৰ বাবে অবিশ্বাস্য , সপোনৰো অগোচৰ ।‘

Apply Now

উল্লেখযোগ্য যে, যোৱা জুন মাহৰ প্ৰথম ভাগত ছিপাঝাৰৰ ধলপুৰ শিৱ মন্দিৰত উপস্থিত হৈ অসমৰ নৱ-নিৰ্বাচিত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  ঘোষণা কৰিছিল যে ছিপাঝাৰৰ ৭৭৪২০ বিঘা ভূমি যি অবৈধ বাংলাদেশীয়ে ২৫/৩০ বছৰে  বেদখল কৰি থৈছে সেই ভূমি সম্পূৰ্ণ বেদখলমুক্ত  কৰা হব।

সেই ভূমিত খিলঞ্জীয়াক লগত লৈ  কৃষি প্ৰকল্প কৰিব, আৰু  সেই ঘোষণা মতে কৃষি প্ৰকল্পৰ দায়িত্ব,  কেবিনেট মৰ্যদা সহ  চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাদেৱক  প্ৰদান কৰিলে।

তাৰ এমাহৰ পিছত আহিলে ৰাজ্যিক বাজেট, য’ত এই এলেকাত কৃষি প্ৰকল্প (গৰুখুটি কৃষি প্ৰকল্প) ৰূপায়নৰ বাবে ৯.৬০ কোটি টকা প্ৰদান কৰা হ’ল আৰু লগতে ঘোষণা কৰা হ’ল যে ছিপাঝাৰ চৰৰ ৭৭,৪২০ বিঘা ভূমি ইতিমধ্যে বেদখলমুক্ত হ’ল।

আনহাতে গৰুখুটিলৈ গৈ পদ্ম হাজৰিকাই ট্ৰেক্টৰ চলাই গৰুখুটি কৃষি প্ৰকল্পক প্ৰচাৰ কৰিলে সম্পূৰ্ণ ৰাজ্যত। আনকি যুৱতীৰ দ্বাৰা ট্ৰেক্টৰো চলাই দেখুৱালে যে যুৱতীকো কৃষি প্ৰকল্পত অন্তৰ্ভূক্ত কৰা হ’ল।

কিন্তু তাৰ আচল ছবিখন উল্লেখ কৰি তেওঁ লগতে কয় ‘ঢলপুৰ মন্দিৰৰ ১২০ বিঘা ভূমি বাদ দি ৭৭৪২০ বিঘা ভূমিৰ এক কঠা ভূমিও উচ্ছেদ হোৱা নাই। অৰ্থাৎ বেদখলকাৰী যতেই আছিলে তাতে আছে। কৃষি কাৰ্য্যও কৰি আছে, পশুপালনো কৰি আছে আৰু পৰিয়ালসহ বেদখল কৰা ভূমিতে আছে।‘

হাজৰিকাই লগতে কয় ‘ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে ছিপাঝাৰৰ বিধায়ক শ্ৰীযুত পৰমানন্দ ৰাজবংশীয়ে বেদখলকাৰি সকলক আশ্বাস দিছে যে তেওঁলোকক দুবিঘাকৈ ভূমি পট্টা প্ৰদান কৰিব। যাৰ অৰ্থ হল যে বেদখলকাৰী উচ্ছেদ নহয়।‘

আনফালে যি স্থানত কৃষি প্ৰকল্প কৰিবলৈ গৈ আছে সেয়া হৈছে ভুক্তভোগী খিলঞ্জীয়া লোকসকলৰহে মাটি, য’ত তেওঁলোক আৰু তেওঁলোকৰ পূৰ্ব পুৰুষ সকলে  যুগ যুগ ধৰি খেতি কৰি আহিছে। বহুত কম সংখ্যক স্থানীয় লোককহে এই প্ৰকল্পটোত লোৱা হৈছে বুলিও হাজৰিকাই গুৰুতৰ অভিযোগ তোলে।

হাজৰিকাৰ অভিযোগ ‘এই স্থানীয় লোকসকলৰ অধিকাংশ ভূমি বেদখলকাৰী বাংলাদেশীৰ কবলত আছে আৰু এতিয়া তেওঁলোকৰ বাচি থকা ভূমিত কৃষি প্ৰকল্প কৰি তেওঁলোকক পুনৰ ভুক্তভোগী কৰিলে, যি প্ৰকল্পত তেওঁলোকৰ অধিকাংশ লোক অংশীদাৰেই নহয়।‘

উল্লেখযোগ্য যে এই সম্পূৰ্ণ ভূমিৰ বাবদ স্থানীয় লোকে ২০১৪ চনলৈকে খাজনা দি আছিলে,আৰু বহু দশক ধৰি  খেতি আৰু পশু পালন কৰা প্ৰমাণ আছে , যেনে “১৯২৩ চনৰ গ্ৰেজিং ৰচিদ”।

যোৱা ইংৰাজী ৮ ছেপ্টেম্বৰ ২০১১ তাৰিখে চাৰিখন পঞ্চায়তৰ(গৰুখুটি গাওঁ পঞ্চায়ত, সানোৱা গাওঁ পঞ্চায়ত, গনেশ কুঁৱৰী গাওঁ পঞ্চায়ত, বাজানা পথাৰ গাওঁ পঞ্চায়ত ) স্থানীয় লোকে পদ্ম হাজৰিকাক উপৰোক্ত বিষয় আৰু তথ্য সমূহ লৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

যত তিনিটা দাবী কৰা হৈছে, প্ৰকৃতাৰ্থত  চৰকাৰে ৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত কৰক, মুক্ত কৰি  তাৰ PGR ভূমি স্থানীয় খিলঞ্জীয়া গো পালকক চমজাই দিয়ক আৰু কৃষি প্ৰকল্পত কেৱল মাত্ৰ এই চাৰিখন পঞ্চায়তৰ স্থানীয় লোককহে অংশীদাৰ কৰক।

হাজৰিকাই লগতে কয় ‘যোৱা তিনিমাহৰ বিভিন্ন ঘটনাবোৰত শ্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে লোৱা খিলঞ্জীয়া বিৰোধী স্থিতি সম্পূৰ্ণভাৱে স্পষ্ট হৈছে। খিলঞ্জীয়াৰ সমৰ্থন ল’বলৈ, ৰাজনৈতিক চমক সৃষ্টি কৰিবলৈ ঢোল-দগৰ বজাই উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰে, তাৰ পিছত চৰকাৰী পৰ্যায়ত উচ্ছেদ হ’ল বুলি মিছাৰ আশ্ৰয় লয়। সেই মিছাক প্ৰশ্ৰয় দিবলৈ গৰুখুটি কৃষি প্ৰকল্প কৰাৰ এখন নাটক ৰচনা কৰিলে স্থানীয় খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি লৈ।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd