NORTHEAST NOW (Assamese)

বৰ্ণবাদে সম্প্ৰীতিৰ বিহুক পৰিণত কৰিলে সাম্প্ৰদায়িকতালৈ! কোচে পতা বিহু চাই এঘৰীয়া হ’ল ২৬ টা নাথ পৰিয়াল

May 16, 2024 9:30 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: May 16, 2024 9:00 pm

যুগ যুগ ধৰি যি বিহুৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলো অসমীয়াকে এক কৰি ৰাখিছে, যি বিহুৱে যুগ যুগ ধৰি বিশ্বৰ আগতেই সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই আহিছে সেই বিহুক কেন্দ্ৰ কৰিয়েই এতিয়া সৃষ্টি হৈছে চূড়ান্ত সাম্প্ৰদায়িক ঘটনাৰ।

দৰং জিলাৰ বামুণঝাৰ গাঁৱৰ একাংশ বৰ্ণবাদী লোকে কালিমা সানিলে একতাৰ এনাজৰীস্বৰূপ বাপতিসাহোন বিহুত।

কোচ ৰাজবংশী সম্প্ৰদায়ৰ সৈতে মিলি ৰাজহুৱাভাৱে বিহু পতাৰ বাবেই এখন সমাজে এইবাৰ অস্পৃশ্য ঘোষণা কৰিলে একাংশ নাথ সম্প্ৰদায়ৰ পৰিয়ালক। সমাজৰ পৰা এবছৰৰ বাবে এঘৰীয়া কৰাৰ উপৰি সমূহীয়াভাবে বিহু পালন কৰা তেনে পৰিয়ালক ১০ হেজাৰ টকা জৰিমনা বিহাৰো প্ৰস্তাৱ ললে সমাজখনে।

সমাজৰ নেতৃত্ব লোৱা কেইগৰাকীমান লোকে লজ্জানত কৰিলে সমগ্ৰ দৰং জিলাৰ লগতে বিহুবলীয়া তথা একতাৰ ডোলেৰে বান্ধ খাই থকা সমগ্ৰ অসমীয়া জাতিটোক।

অভিযোগ অনুসৰি শেহতীয়াকৈ একাংশ নাথ যোগী সম্প্রদায়ৰ লোকে অন্য সম্প্রদায়ৰ সৈতে বিহুপালন কৰাৰ বাবে উক্ত সমাজৰ একাংশ লোকে প্ৰায় ২৬ টা পৰিয়ালক অস্পৃশ্য গণ্য কৰি এঘৰীয়া ঘোষণা কৰিছে।

উল্লেখ্য যে উক্ত সমাজে সমাজৰ আন সম্প্ৰদায়ৰ সৈতে মিলা মিচা নকৰিবলৈ জাৰি কৰা ফতুৱাৰ বিৰুদ্ধে গৈ কেইগৰাকীমান মহিলাই বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকক একত্ৰিত কৰি যোৱা ২৫ বহাগত বামুণঝাৰ আঞ্চলিক ৰাংঢালী বিহু উৎসৱ উদ্যাপন সমিতিৰ নামেৰে  বিহুৰ অনুষ্ঠান পালন কৰিছিল।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে বামুণঝাৰ নামঘৰ প্ৰাংগণত চন্দ্ৰকান্ত মহন্তৰ সভাপতিত্বত এখন ৰাইজমেল অনুষ্ঠিত কৰি পৰিয়াল কেইটাক এঘৰীয়া কৰে। এই ঘটনাই এতিয়া লজ্জানত কৰিছে উক্ত গাঁৱৰ সহজ সৰল লোকসকলৰ লগতে উঠি অহা প্ৰজন্মটোক।

Related News