শাসক বিৰোধীৰ অভিযোগ প্ৰত্যাভিযোগত সৃষ্টি হোৱা উত্তাল পৰিৱেশে কঁপাইছে সদনৰ মজিয়া। ২৪ মাৰ্চত সদনৰ ঠিক বাহিৰত কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই উপাধ্যক্ষ নুমল মমিনক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পিছতে অসম বিধানসভাত পুনৰ বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়।
বিগত সপ্তাহত বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী বিধায়কক গালি-গালাজ কৰাৰ লগতে শাৰীৰিক আক্ৰমণৰ চেষ্টা কৰিছিল। ৰূপজ্যোতি কুৰ্মীৰ এনে আচৰণৰ বিৰুদ্ধে ক’লা পোছাক পৰিধান কৰি কংগ্ৰেছ বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। অধিৱেশনৰ কাৰ্য্যবিধি আৰম্ভহোৱাৰ পূৰ্বে কংগ্ৰেছৰ সদস্যসকলে কুৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
ইফালে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই দাবী কৰে যে নুৰুল হুদাই উপাধ্যক্ষ নুমল মমিনক আক্রমণ কৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি দাবী কৰে৷ এই ঘটনা সদনৰ বাহিৰত সংঘটিত হোৱা বাবে তেওঁ অধ্যক্ষক গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনায়। আনহাতে ইয়াৰ প্ৰত্যুত্তৰত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই বিধানসভা ভৱনৰ ভিতৰত সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হোৱাৰ বাবে আৰক্ষীক জড়িত কৰাৰ পৰিৱৰ্তে সদনৰ এখন সমিতি গঠন কৰি তদন্তৰ পৰামৰ্শ আগবঢ়ায়।
দুয়োপক্ষই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে, শাসকীয় বিজেপি দলে বিৰোধীয়ে এজন জনজাতীয় সদস্যক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে বিৰোধীয়ে কুৰ্মীৰ এই কাৰ্যৰ জবাবদিহিতাৰ দাবী জনায়। পৰিস্থিতিৰ নিয়্ন্ত্ৰণ্ৰ বাবে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ১০ মিনিটৰ বাবে সদন স্থগিত ৰাখে।