প্ৰধান মন্ত্ৰী মোদী, ৰাহুল গান্ধীক লগ লগালে ইউ পি এছ চি অসামৰিক সেৱাৰ প্ৰাৰ্থীয়ে

UPSC civil service candidate links Rahul Gandhi with Narendra Modi

ইউ পি এছ চিৰ অসামৰিক সেৱাৰ প্ৰাৰ্থী এগৰাকীৰ জৰিয়তে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিৰোধী কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এক কাকতালীয় সংযোগ সাধন ঘটিছে।

প্ৰাৰ্থীগৰাকীৰ নাম হৈছে ৰাহুল মোদী। মঙলবাৰে ঘোষিত সৰ্বভাৰতীয় অসামৰিক সেৱা পৰীক্ষা ২০১৯ৰ ফলাফলত তেওঁ ৪২০সংখ্যক স্থান দখল কৰিছে।

বাতৰি মতে, ৰাহুল মোদীৰ ৰোল নম্বৰ আছিল ৬৩১২৯৮০ (।)

পৰীক্ষাটোত প্ৰদীপ সিঙে শীৰ্ষস্থান দখল কৰিছে আৰু দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে যতীন কিশোৰ আৰু প্ৰতিভা বাৰ্মা।

এইবাৰ অসমৰ পাঁচগৰাকী সৰ্বভাৰতীয় অসামৰিক সেৱালৈ বাচনি হৈছে।

তেওঁলোক হৈছে– আৰণ্যক শইকীয়া (স্থান ৫৯), চিজল আগৰৱাল (১১২), নিবেদিতা দত্ত (৬৯৭), তপন ডেকা (৭৬৬) আৰু কিশোৰ সূত্ৰধৰ (৭৮৪)।

এইবাৰ পৰীক্ষাটোত মুঠ ৮২৯ গৰাকী প্ৰাৰ্থী বাচনি হৈছে।

বাচনি হোৱা প্ৰাৰ্থীসকল ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বিদেশ সেৱা, ভাৰতীয় আৰক্ষী সেৱা আৰু কেন্দ্ৰীয় সেৱাৰ A আৰু Bত অন্তৰ্ভুক্ত হ’ব।