• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

UPSC 2026: অসামৰিক সেৱাৰ অধিসূচনাত এলানি পৰিৱৰ্তন, সেইবোৰ কি কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 5, 2026 8:10 pm
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্রীয় লোকসেৱা আয়োগে ২০২৬ চনৰ দেশৰ সন্মানীয় প্রশাসনিক পৰীক্ষা ‘অসামৰিক সেৱা’ চমুকৈ চি এছ ই-ৰ অধিসূচনা প্রকাশ কৰিছে ৷ ৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়া ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৬ বজালৈকে চলিব।

এইবাৰ আই এ এছ, আই পি এছ, আই এফ এছকে ধৰি বিভিন্ন কেডাৰত মুঠ ৯৩৩টা খালী পদ পূৰণ কৰিব। অৱশ্যে এই অধিসূচনাত আয়োগে প্ৰাৰ্থীসকলৰ সুৰক্ষাৰ বাবে আৰু প্ৰৱঞ্চনা ৰোধৰ বাবে এলানি আধুনিক আৰু কঠোৰ নিয়মৰ  সংযোজন কৰিছে।

Apply Now

শেহতীয়াকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত উত্থাপিত হোৱা ‘পৰিচয় চুৰি’ বা ছদ্মবেশৰ অভিযোগ ৰোধ কৰিবলৈ এতিয়া কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ সহায় লৈছে ইউ পি এছ চিয়ে। আয়োগে অৱগত কৰিছে যে প্ৰতিজন পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰত ‘ফেচ অথেণ্টিকেচন’ বা ফেচিয়েল ভেৰিফিকেচনৰ মাজেৰে যাব লাগিব। পৰীক্ষা কেন্দ্ৰত উপস্থিত থকা পৰীক্ষাৰ্থীৰ মুখখন আবেদন প্ৰ-পত্ৰৰ ফটোৰ সৈতে মিল থাকিলেহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব। ইয়াৰ সমান্তৰালকৈ আধাৰ সম্পৰ্কীয় পৰীক্ষণ প্ৰক্ৰিয়াও বাধ্যতামূলক কৰা হৈছে।

ইতিমধ্যে অসামৰিক সেৱাত নিয়োজিত হোৱাসকলৰ বাবে এই নিয়ম কঠোৰ হৈ পৰিছে। নতুন নিয়ম অনুসৰি যদি কোনো পৰীক্ষাৰ্থীয়ে ইতিমধ্যে আই পি এছ হিচাপে কাম কৰি আছে, তেন্তে ২০২৬ চনৰ পৰীক্ষাত সফল হ’লেও তেওঁ পুনৰ আই পি এছ কেডাৰৰ বাবে আবেদন কৰিব নোৱাৰিব। যিসকলে আই এ এছ বা আই এফ এছ হিচাপে কাম কৰি আছে তেওঁলোকে এইবাৰ পৰীক্ষাত বহিব নোৱাৰিব। আনহাতে, গ্ৰুপ-এ সেৱাৰ পৰীক্ষাৰ্থীয়ে যথাযথভাৱে প্ৰশিক্ষণৰ পৰা ৰেহাই পালেহে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ পাব।

ইপিনে, এই বছৰৰ পৰা কেডাৰ বিতৰণত নতুন ‘৪-গ্ৰুপ ব্যৱস্থা’ প্ৰৱৰ্তন কৰা হৈছে। ফলত পছন্দৰ ৰাজ্য বা ‘হোম কেডাৰ’ পোৱাৰ সম্ভাৱনা আগতকৈ অলপ জটিল হ’ব পাৰে।

আয়োগে জনাইছে যে অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা অহা ২৪ মে’, ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব। সফল পৰীক্ষাৰ্থীৰ মূল পৰীক্ষা ২১ আগষ্টৰ পৰা আৰম্ভ হ’ব। আবেদনকাৰীৰ বয়স ২১ৰ পৰা ৩২ বছৰৰ ভিতৰত হ’ব লাগিব (অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অ’বিচিৰ ক্ষেত্ৰত বয়সৰ ৰেহাই প্ৰযোজ্য)। নূন্যতম অৰ্হতা হ’ল যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী।

পেছাদাৰী মহলৰ মতে আয়োগৰ মূল লক্ষ্য হৈছে অ’টিআৰ ব্যৱস্থাক আধুনিকীকৰণ আৰু ডিজিটেল পৰ্টেলৰ জৰিয়তে স্বচ্ছতা অনা। প্ৰাৰ্থীসকলক নিৰ্ধাৰিত তাৰিখৰ কমেও কেইদিনমান আগতে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে যাতে শেষ মুহূৰ্তত জটিলতা আহি নপৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

অপাৰেচন সিন্দুৰৰ পিছত বন্ধ সীমান্ত! ভিছাৰ বাধা অতিক্ৰমি ভাৰতত উপস্থিত ১৫০ গৰাকী পাকিস্তানী কইনা

August 25, 2026 7:55 am
প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ! ৫ ছেপ্টেম্বৰত দিল্লীত পুনৰ প্ৰতিবাদত নামিব ককৰোচ জনতা পাৰ্টী

August 25, 2026 7:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd