আপুনি জানেনে এজন IAS,IPS অথবা IFS বিষয়াই কিমান দৰমহা লাভ কৰে? কোনসমূহ চৰকাৰী সুবিধা লাভ কৰে তেওঁলোকে! পঢ়ক এই প্ৰতিবেদন

ভাৰতৰ অসংখ্য যুৱপ্ৰজন্মৰ বাবে ইউপিএছচি এক সপোন। বছৰি লাখ লাখ প্ৰত্যাশীয়ে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) পৰীক্ষাত অৱতীৰ্ণ হয় যদিও বহু কম প্ৰাৰ্থীয়েহে এই লক্ষ্যত উপনীত হয়। পিছে এই আই এ এছ, আই পি এছ, আই আৰ এছ, আই এফ এছ, আই ই এছ বিষয়াসকলে কিমান দৰমহা পায় আৰু কি সুবিধা লাভ কৰে জানেনে? আহকচোন জানো…

দৰমহা-
আই এ এছ, আই পি এছ, আই আৰ এছ, আই এফ এছ, আৰু আই ই এছ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এই বিষয়াসকলৰ প্ৰাৰম্ভিক দৰমহা এবছৰৰ পৰা চাৰি বছৰৰ বাবে ৫৬,১০০ টকা।

ইয়াৰ পাছত ৫ৰ পৰা ৮ বছৰৰ বাবে ৬৭,৭০০ টকালৈ বৃদ্ধি পায়। সেৱাৰ নৱম বছৰ পালে তেওঁলোকৰ দৰমহা ৭৮,৮০০ টকা হয়। ১৩ বছৰীয়া সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ১,১৮,৫০০ টকা দৰমহা পায়। একেদৰে ১৬ৰ পৰা ২৪ বছৰ সেৱাৰ অন্তত ১,৪৪,২০০ টকা দৰমহা পায়।২৫ৰ পৰা ৩০ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকে ১,৮২,২০০ দৰমহা লাভ কৰে। যেতিয়া বিষয়াসকলে ৩৭ বছৰীয়া সেৱা সম্পূৰ্ণ কৰি কেবিনেট সচিবৰ সমতুল্য পদবী লাভ কৰে তেতিয়া তেওঁলোকৰ দৰমহা ২,৫০,০০০ টকালৈ বৃদ্ধি পাব পাৰে।

কি কি সুবিধা পায়?
অসামৰিক সেৱাৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে দৰমহাৰ উপৰিও অসংখ্য সুবিধা লাভ কৰে। আই এ এছ আৰু আই পি এছ বিষয়াসকলে যিকোনো চহৰত চৰকাৰীভাৱে থকাৰ ব্যৱস্থা লাভ কৰে। চালক থকা চৰকাৰী বাহন, পৰিয়ালৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ সুবিধা, নিৰাপত্তাৰক্ষী, বিদ্যুৎ আৰু টেলিফোন বিলৰ ৰেহাই আদি সুবিধাও লাভ কৰে। অৱসৰৰ পাছতো তেওঁলোকে পেঞ্চন আৰু অন্যান্য অৱসৰৰ সুবিধাসমূহ লাভ কৰে।