বাজপেয়ীৰ অস্থি: অসম বিজেপিৰ কাৰ্য্যালয়ত চলি আছে শ্ৰদ্ধাঞ্জলি, বৃহস্পতিবাৰে বিসৰ্জন

বুধবাৰে গুৱাহাটী পালেহি সদ্যপ্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ অস্থি। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা শোভাযাত্ৰা কৰি মুখ্য মন্ত্ৰীকে ধৰি বিজেপিৰ নেতা-কৰ্মীসকলে প্ৰয়াত প্ৰধান মন্ত্ৰীগৰাকীৰ অস্থি কলহ হেঙেৰাবাৰীৰ মুখ্য কাৰ্য্যালয়লৈ লৈ আহে।

বৃহস্পতিবাৰৰ পুৱা ৮ বজালৈকে অনুৰাগীসকলে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়ত প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীৰ অস্থি কলহটোত শ্ৰদ্ধা জনাব পাৰিব।

নতুন দিল্লীৰ পৰা প্ৰাক্তন প্ৰধান মন্ত্ৰীজনৰ অস্থি কঢ়িয়াই অনা প্ৰদেশ বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ পৰা দিনৰ ২:৪৫ বজাত অস্থি কলহ গ্ৰহণ কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

বিজেপি সূত্ৰই সদৰী কৰা মতে বৃহস্পতিবাৰে দিনৰ ১ বজাত হেঙেৰাবাৰীৰ পৰা মহানগৰৰ বুকুয়েদি চানমাৰি হৈ শোভাযাত্ৰা কৰি ভৰলুমুখৰ লাচিত পাৰ্কত উপস্থিত হ’ব। তাৰ পৰাই মুখ্য মন্ত্ৰী সোণোৱালে ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিব বিজেপিৰ পিতামহগৰাকীৰ অস্থি।

আনহাতে মন্ত্ৰী ৰঞ্জিত দত্তৰ নেতৃত্বত যাব লগা এটা দলে বৰাকলৈ নিব লগা অস্থি বৰাক নৈত বৃ্হস্পতিবাৰে বিসৰ্জন দিয়াৰ বাবে কুম্ভীৰগ্ৰাম বিমান বন্দৰত গ্ৰহণ কৰিব মন্ত্ৰী পৰিমল শূক্লবৈদ্য, প্ৰবীণ বিজেপি নেতা কবীন্দ্ৰ পুৰকায়স্থ আৰু মিছন ৰঞ্জন দাসে।

দত্তৰ নেতৃত্বত যাব লগা দলটোত প্ৰবীণ বিজেপি নেতা নাৰায়ণ বৰকটকীৰ লগতে ছুম ৰংহাং, ডঃ ৰাজদ্বীপ ৰয়, বিমল অচৱাল আৰু বিশ্বৰূপ ভট্টাচাৰ্য্যও থাকিব।