NORTHEAST NOW (Assamese)

কৰ’নাক লৈ আতংক! তাৰ মাজতে হীৰাৰ মাস্ক পিন্ধি সকলোৰে দৃষ্টি কাঢ়িলে উৰ্বশীয়ে

April 12, 2021 11:10 am · এন ই নাও নিউজ
উৰ্বশী ৰৌতেলা।

কৰ’নাৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি আতংক বিয়পাইছে।এতিয়া কৰ’না প্ৰতিৰোধৰ একমাত্ৰ ভৰসা হৈছে ফেচ মাস্ক।কিন্তু এই মাস্কৰ মাজতো ষ্টাইল বিচাৰি লৈছে বহুলোকে।

বাটে পথে ৰঙা-নীলা, সেউজীয়া-গোলাপীকে ধৰি বিভিন্ন ৰঙৰ মাস্কৰ লগতে কপাহী তথা ছিল্কৰ মাস্কো বজাৰত উপচি পৰিছে। পছন্দ অনুসৰি মানুহে কিনি পিন্ধিছে মাস্ক।

বলীউদৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী উৰ্বশী ৰৌতেলাই এইক্ষেত্ৰত এক অভিনৱ পছন্দৰ দৃষ্টান্ত দেখুৱাইছে। অভিনেত্ৰীগৰাকীয়ে এইবাৰ পিন্ধিছে হীৰাৰ মাস্ক। উৰ্বশীয়ে সেই ভিডিঅ’ ইনষ্টাগ্ৰাম প্ৰফাইলত আপলোডো কৰিছে।

বলীউদৰ ছবিত এই সুন্দৰী অভিনেত্ৰীগৰাকীয়ে বিশেষ সাফল্য নাপালেও ছচিয়েল মিডিয়াত কিন্তু বিশেষ জনপ্ৰিয় হৈ পৰিছে। ছচিয়েল মিডিয়াত সক্ৰিয় উৰ্বশীয়ে বিভিন্ন ছবি, ভিডিঅ’ আপলোড দি থাকে।

সেইদৰে এইবাৰ হীৰাৰ মাস্ক পৰিধান কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে উৰ্বশীয়ে। মাস্কটোৰ মাজৰ অংশ কাঁচেৰে তৈয়াৰী বুলি অনুমান কৰা হৈছে। বাকী অংশ সম্পূৰ্ণ ডিজাইন কৰা হীৰাৰে তৈয়াৰী।

উৰ্বশীয়ে ভিডিঅ’টোৰ কেপশ্যনত ৰসিকতাৰে লিখিছে,’’সম্পূৰ্ণ মুখৰ বাবে হীৰাৰ মাস্ক। উহ, বৰ ওজন। প্লীজ মোক দোষ নিদিব।‘’

পিচে, নেটিজেনসকলে অভিনেত্ৰীগৰাকীয়ে অভিনেত্ৰীগৰাকীয়ে দোষ দিছে। বিভিন্নধৰণে অভিনেত্ৰীগৰাকীক তেওঁৰ এই নতুন অৱতাৰৰ বাবে মন্তব্য কৰিছে। অৱশ্যে তাৰ মাজতে আকৌ বহুতেই প্ৰশংসাও কৰিছে।

Related News