CAA ভাৰতৰ সংবিধান বিৰোধী; কোৱা হৈছে আমেৰিকান কংগ্ৰেছৰ স্বতন্ত্ৰ প্ৰতিবেদনত

ফাইল ফটোঃ সংগ্ৰহীত।

নাগৰিকত্ব সংশোধনী আইন বা CAA ৰ কিছুমান বিষয় ভাৰতৰ সংবিধানৰ বিৰোধী। এয়া দেশৰ বিৰোধী দল বা কোনো সমাজসেৱী মানৱ অধিকাৰ সংগঠনৰ দাবী নহয়। আমেৰিকান কংগ্ৰেছৰ এটা স্বতন্ত্ৰ গৱেষণা গোটৰ প্ৰতিবেদনত এই দাবী কৰা হৈছে।

১৯৫৫ চনৰ নাগৰিকত্ব আইন সংশোধন কৰি CAA প্ৰস্তুত কৰা হৈছে। সংসদে ইয়াক গৃহীত কৰাৰ চাৰি বছৰৰ পাছত যোৱা মাৰ্চ মাহত মুকলি কৰা হৈছে।

সংশোধিত আইনখনে নাগৰিকত্বৰ প্ৰমাণ অবিহনে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা শৰণাৰ্থী হিচাপে ভাৰতলৈ অহা অমুছলমানসকলক নাগৰিকত্বৰ অনুমতি প্ৰদান কৰিছে। ২০১৪ চনৰ ডিচেম্বৰৰ পূৰ্বে ভাৰতলৈ অহাসকলক কোনো নথি-পত্ৰ অবিহনে নাগৰিকত্ব প্ৰদান কৰা হ’ব।

লগতে পঢ়কঃ Fact Checking: দেশৰ সম্পদ মুছলমানক দিয়াৰ কথা কৈছিল মনমোহনে! মোডীৰ দাবীৰ সত্যতা ক’ত?

আমেৰিকান কংগ্ৰেছৰ নিৰপেক্ষ গৱেষণা প্ৰতিবেদন অনুসৰি CAA ৰ মূল কথা হ’ল তিনিখন দেশৰ শৰণাৰ্থী হৈ অহা ৬ টা ধৰ্মৰ লোকক নাগৰিকত্ব প্ৰদানৰ বাট মুকলি কৰা। য’ত মুছলমানসকলক ৰখা হোৱা নাই। আৰু ইয়াত ভাৰতীয় সংবিধানৰ কিছুমান নিৰ্দিষ্ট ধাৰা উলংঘা কৰা হৈছে।

ৰাষ্ট্রীয় নাগৰিকপঞ্জী বা এন আৰ চিৰ সৈতে জড়িত ‘CAA’ই ভাৰতৰ মুছলমান জনসাধাৰণৰ অধিকাৰ বিপন্ন কৰিব পাৰে বুলি প্রতিবেদনত উদ্বেগ প্রকাশ কৰে৷ ‘CAA’ৰ বিৰোধিতা কৰাসকলে শাসকীয় বিজেপিৰ উদ্দেশ্যক লৈ সন্দেহ প্ৰকাশ কৰা বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে৷

ভাৰতত CAA বিৰোধীৰ ধাৰণা অনুসৰি বিজেপিয়ে হিন্দু সংখ্যাগৰিষ্ঠতাৰ আধিপত্য জাপি দিবলৈ চেষ্টা কৰিছে বুলিও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। তেওঁলোকৰ মুছলমান বিৰোধী এজেণ্ডাই ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ কাঠামোত আঘাত কৰিব। যিয়ে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন আৰু নিয়ম উলংঘা হ’ব।

লগতে পঢ়কঃ ট্ৰেক এৰি দৰ্শকৰ পিনে দৌৰিল ৰেচিং কাৰ; আচম্বিত দুৰ্ঘটনাত ৭জনৰ মৃত্যু শ্ৰীলংকাত

আমেৰিকান এই ৰিপোৰ্টতো CAAক বিজেপিৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু নিৰ্বাচনী চমক বুলি অভিহিত কৰা হৈছে। সমালোচনাৰ উদ্ধৃতি দি প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে CAA কেৱল কিছুমান অনুমোদিত ধৰ্মৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব। যিটো মোডী-বিজেপিৰ অন্যতম লক্ষ্য। ই ভাৰতৰ ধৰ্মনিৰপেক্ষতাৰ ভাবমূৰ্তি খৰ্ব কৰি হিন্দু সংখ্যাগৰিষ্ঠৰ আধিপত্যৰ প্ৰসাৰ ঘটাব। অহিন্দুক দ্বিতীয় শ্ৰেণীৰ মৰ্যাদা দিয়া হ’ব।

উল্লেখ্য যে এই নিৰপেক্ষ বা স্বতন্ত্ৰ গৱেষণা প্ৰতিবেদন আমেৰিকান কংগ্ৰেছৰ অংশ যদিও কংগ্ৰেছৰ মতামতৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। অৱশ্যে ইয়াৰ ওপৰত ভিত্তি কৰি কংগ্ৰেছে যিকোনো সিদ্ধান্ত ল’ব পাৰে।

লগতে পঢ়কঃ অসুস্থ ৰাহুল গান্ধী, আজি ৰাঁচীৰ ‘ইণ্ডিয়া’ৰ সমাৱেশত উপস্থিত নাথাকিব কংগ্ৰেছ নেতাগৰাকী

প্ৰসংগক্ৰমে পূৰ্বে CAA ৰ অধিসূচনা জাৰি কৰাৰ পিছত বাইডেন প্ৰশাসনে জনাইছিল যে তেওঁলোকে ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। যদিও ভাৰত চৰকাৰে সকলো সমালোচনা অগ্ৰাহ্য কৰি স্পষ্ট কৰি দিছে যে CAA অক্ষুণ্ণ থাকিব আৰু কোনো কাৰণতে ইয়াক বাতিল কৰা নহ’ব।