NORTHEAST NOW (Assamese)

অব্যাহত ক’ৰ’নাৰ সংহাৰ; ইটালীক অতিক্ৰম আমেৰিকাৰ

April 12, 2020 4:58 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

সমগ্ৰ বিশ্বকে ক’ৰ’না ভাইৰাছে গ্ৰাস কৰিছে যদিও ইটালী আৰু আমেৰিকাত ইয়াৰ সংহাৰে তীব্ৰ ৰূপ ধাৰণ কৰিছে। ইটালীত ক’ৰ’নাই এই পৰ্যন্ত ১৯,৪৬৮ গৰাকী লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ তথ্য লাভ কৰা গৈছে।

সম্প্ৰতি ইটালীৰ ছবি অতি দুখ লগা যদিও ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশখনে ৩ মে’লৈকে বৃদ্ধি কৰি দিছে লকডাউনৰ সময়সীমা।

চীনৰ য়ুহান চহৰত উৎপত্তি হোৱা এই ভাইৰাছবিধৰ ফলত ইটালীত এই পৰ্যন্ত ১ লাখ ৫২ হাজাৰ ২৭১ গৰাকী লোক আক্ৰান্ত হৈছে।

ইফালে বিশ্বৰ ভিতৰতে সবাটোকৈ শক্তিশালী দেশ আমেৰিকাতো ক’ৰ’না ভাইৰাছে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। দেশখনত লকডাইনৰ পিছৰে পৰা তীব্ৰ হাৰত বৃদ্ধি পাবলৈ ধৰিছে কোভিদ-১৯ ৰোগী।

বিশ্বৰ ভিতৰতে আমেৰিকাত সৰ্বাধিক ৫ লাখ ৩৩ হাজাৰ ১১৫ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু সৰ্বাধিক ২০ হাজাৰ ৫৮০ গৰাকীৰ মৃত্যু হৈছে।

মৃত্যুৰ সংখাৰে বিশ্বৰ ভিতৰত তৃতীয় আৰু চতুৰ্থ স্থানত আছে ক্ৰমে স্পেইন আৰু ফ্ৰান্স। স্পেইনত এই পৰ্যন্ত ১৬ হাজাৰ ৬০৬ গৰাকী লোক আৰু ফ্ৰান্সত ১৩ হাজাৰ ৮৩২ গৰাকী লোক মৃত্যুমুখত পৰিছে।

উল্লেখ্য যে এই পৰ্যন্ত সমগ্ৰ বিশ্বতে ১৭ লাখ ৮৩ হাজাৰ ৯৪৮ গৰাকী লোক ইয়াৰ আক্ৰান্ত হোৱাৰ বিপৰীতে ১ লাখ ৮ হাজাৰ ৯৫৯ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News