• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামৰিক বিমানেৰে ‘অবৈধ অনুপ্ৰৱেশকাৰী’ক ভাৰতলৈ ঘূৰাই পঠিয়ালে মোদীৰ বন্ধু ট্ৰাম্পৰ আমেৰিকাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2025 10:13 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি পদলৈ ঘূৰি অহাৰ পিছৰে পৰা ড’নাল্ড ট্ৰাম্পে ‘অবৈধ অনুপ্ৰৱেশকাৰী’ আৰু অনুপ্ৰৱেশৰ দৰে বিষয়ত কঠোৰ স্থিতি গ্ৰহণ কৰিছে। এই পৰিস্থিতিত ট্ৰাম্প প্ৰশাসনে কিছুদিন পূৰ্বে কলম্বিয়াকে ধৰি কেইবাখনো দেশলৈ ‘অবৈধ অনুপ্ৰৱেশকাৰী’ক ঘূৰাই দিছিল। এইবাৰ সামৰিক বিমানেৰে ভাৰতীয়ক ঘৰলৈ পঠিয়াইছে ট্ৰাম্পে।

ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক আমেৰিকাই প্ৰথমবাৰৰ বাবে এনেদৰে ‘বিতাড়ন’ কৰিছে। ইয়াৰ পূৰ্বে ট্ৰাম্প প্ৰশাসনে গুৱেটামালা, পেৰু, হণ্ডুৰাছৰ দৰে দেশলৈ সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠিয়াইছিল।

Apply Now

ইফালে, শেহতীয়াকৈ হোৱাইট হাউছে সামৰিক বিমানেৰে উভতাই পঠোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ কেইবাখনো ফটো প্ৰকাশ কৰিছে। ইয়াত মানুহক শাৰী পাতি বিমানত উঠাই দিয়া দেখা গৈছিল। সকলোৰে কঁকালত শিকলি বান্ধি থোৱা আছে। যাক লৈ সমালোচনাৰ জোৱাৰ উঠিছিল।

বাতৰি অনুসৰি, ট্ৰাম্পে ইয়াৰ পূৰ্বে আমেৰিকাত ভাৰতীয় অবৈধ অনুপ্ৰৱেশকাৰীক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে কথা পাতিছিল। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল, ‘ভাৰতে সঠিক কাম কৰিব’।

ইফালে, আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ইও এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বাৰ্তালাপ কৰে। এই প্ৰসংগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছিল যে আমেৰিকাত অবৈধভাৱে বাস কৰা কোনো ভাৰতীয় নাগৰিকক ঘূৰাই লোৱাত ভাৰতৰ কোনো আপত্তি নাই।

শেহতীয়াকৈ আমেৰিকাৰ ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টে নিউয়ৰ্ক আৰু নিউ জাৰ্চিৰ একাধিক গুৰদ্বাৰত অভিযান চলাইছিল। আমেৰিকাত অবৈধভাৱে বসবাস কৰা শিখসকলক চিনাক্ত কৰিবলৈ এই অভিযান চলোৱা হৈছিল।

উল্লেখ্য যে পূৰ্বে নিয়ম আছিল যে অবৈধ অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ কোনো ধৰ্মীয় বা শিক্ষানুষ্ঠানত অভিযান চলাব নোৱাৰিব। অৱশ্যে ক্ষমতালৈ অহাৰ পাছত ট্ৰাম্পে সেই আমেৰিকান নিয়ম বাতিল কৰে। তাৰপিছতে অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক ধৰিবলৈ আমেৰিকাৰ গুৰুদ্বাৰত অভিযান চলোৱা হৈছিল।

উল্লেখ্য যে ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা অনুপ্ৰৱেশ আৰু নাগৰিকত্বৰ ক্ষেত্ৰত এক ধাৰাবাহিক কঠোৰ নীতি ৰূপায়ণ কৰিছে। ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই কেইবাটাও কাৰ্যবাহী আদেশত স্বাক্ষৰ কৰে।

বহু ভাৰতীয় ইয়াৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ গৈ আছে। বহু ভাৰতীয় অনুপ্ৰৱেশকাৰীৰ মনত গভীৰ উদ্বেগ চলি আছে। এনে পৰিস্থিতিত এছ জয়শংকৰক ৱাশ্বিংটন ডি চি ভ্ৰমণৰ সময়ত এই বিষয়ে সোধা হৈছিল। ট্ৰাম্প প্ৰশাসনে ‘বিতাড়িত’ কৰিলে ভাৰতে আমেৰিকাত অবৈধ ভাৰতীয় অনুপ্ৰৱেশকাৰীক গ্ৰহণ কৰিবনে? ইয়াৰ উত্তৰত জয়শংকৰে অকপটে কয় যে ভাৰতীয় প্ৰব্ৰজনকাৰীক নিজৰ দেশলৈ ঘূৰি অহাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সদায় ইতিবাচক মনোভাৱ আছে।

অৱশ্যে সামৰিক বিমানেৰে ভাৰতীয়ক এনেদৰে ‘বিতাড়ন’ কৰা বিষয়টোক দিল্লীয়ে কেনেদৰে চাব সেই সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। ইফালে ১৩ ফেব্ৰুৱাৰীত পুনৰ ড’নাল্ড ট্ৰাম্পক সাক্ষাৎ কৰাৰ কথা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তাৰ আগেয়ে ভাৰতীয়সকলক এনেদৰে আমেৰিকাৰ পৰা ‘বিতাড়ন’ কৰাৰ বিষয়টো বহুতে যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি ভাৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

উদ্ধৱ থাকৰেৰ ৬ জন সাংসদৰ দল সলনিক স্বীকৃতি; বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে আৰু বৃদ্ধি পালে NDA-ৰ শক্তি

July 19, 2026 8:48 am
ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

ছাকাৰ হেট্ৰিক, এমবাপেৰ ২গ’ল; ফ্ৰান্সক ৬-৪ গ’লত পৰাস্ত কৰি তৃতীয় স্থান দখল কৰিলে ইংলেণ্ডে

July 19, 2026 7:43 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd