কুৱেইটত বিধ্বস্ত হৈছে আমেৰিকাৰ কেইবাখনো যুদ্ধ বিমান। স্থানীয় সময় অনুসৰি সোমবাৰে পুৱা সেইবোৰ বিধ্বস্ত হয়। ইয়াৰ ভিতৰত এখন আমেৰিকাৰ এফ-১৫ যুদ্ধবিমানো আছে।
ব্ৰিটিছ সংবাদ মাধ্যম ৰয়টাৰে এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে। অৱশ্যে এই যুদ্ধবিমানসমূহৰ ক্ৰুসকল জীয়াই আছে। কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই তথ্য নিশ্চিত কৰিছে।
উপসাগৰীয় অঞ্চলত ইৰাণৰ আক্ৰমণ তৃতীয় দিনো অব্যাহত থকাৰ সময়তে যুদ্ধ বিমান বিধ্বস্ত হোৱাৰ ঘটনা সংঘটিত হয়।
কুৱেইটৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে উদ্ধাৰ অভিযান চলি আছে। ক্ৰুসকলক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। তেওঁলোকৰ শাৰীৰিক অৱস্থা বৰ্তমান সুস্থিৰ।
উল্লেখ্য যে আমেৰিকা আৰু ইজৰাইলৰ আগ্ৰাসনৰ প্ৰত্যুত্তৰ স্বৰূপে ইৰাণে প্ৰত্যাক্ৰমণ চলাইছে। ইজৰাইল আৰু মধ্যপ্ৰাচ্যৰ দেশ কাটাৰ, কুৱেইট, বাহৰেইন, সংযুক্ত আৰব আমিৰশ্বাহী, ওমান, চৌদি আৰবত অৱস্থিত আমেৰিকাৰ ঘাটিত ইৰাণৰ বাহিনীয়ে আক্ৰমণ চলাইছে।




