• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পৰ সামৰিক ক্ষমতাত কংগ্ৰেছৰ লাকাম: ইৰাণৰ পৰা  আমেৰিকাৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰস্তাৱ গৃহীত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2026 2:28 pm
48
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণৰ বিৰুদ্ধে যুদ্ধংদেহী স্থিতি গ্ৰহণ কৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সামৰিক ক্ষমতাত আনুষ্ঠানিকভাৱে লেকাম লগালে আমেৰিকান কংগ্ৰেছে। বুধবাৰে হাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছে ২১৫-২০৮ ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতিগৰাকীৰ যুদ্ধৰ ক্ষমতা হ্ৰাস কৰাৰ উদ্দেশ্যে এক ঐতিহাসিক প্ৰস্তাৱ গৃহীত কৰে। বিগত তিনি মাহ ধৰি চলি থকা সংঘাতৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰিচালনাক প্ৰথমবাৰৰ বাবে কঠোৰ সমালোচনা কৰি এই প্ৰস্তাৱ গৃহীত কৰা হৈছে।

ডেম’ক্ৰেট দলৰ এই প্ৰস্তাৱত ৱাৰেন ডেভিদছন, ব্ৰায়ান ফিটজপেট্ৰিক, টম বাৰেট আৰু থমাছ মেছি নামৰ চাৰিগৰাকী ৰিপাব্লিকান সদস্যয়ো সমৰ্থন আগবঢ়ায়। ইয়াৰ উপৰি পূৰ্বতে বিৰোধিতা কৰা ডেম’ক্ৰেট সদস্য জেৰেড গ’ল্ডেনেও এইবাৰ সমৰ্থন কৰে। এই প্ৰস্তাৱ অনুসৰি, আনুষ্ঠানিক যুদ্ধ ঘোষণা বা শক্তি প্ৰয়োগৰ আইনী অনুমোদন অবিহনে ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ চৰকাৰ বা সামৰিক বাহিনীৰ বিৰুদ্ধে আমেৰিকাৰ সশস্ত্ৰ বাহিনী ব্যৱহাৰ কৰিব নোৱাৰিব। এই প্ৰস্তাৱটো বৰ্তমান উচ্চ সদন ‘চিনেট’লৈ প্ৰেৰণ কৰা হ’ব, আৰু চিনেটে অনুমোদন জনালেও ইয়াৰ কোনো আইনী বাধ্যবাধকতা নাথাকিব তথা ৰাষ্ট্ৰপতিৰ ভেটো প্ৰয়োগৰো সুবিধা নাথাকিব।

Apply Now

যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছৰে পৰা এই যুদ্ধৰ আৰম্ভণি হৈছিল। ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে উপসাগৰীয় অঞ্চলত থকা ইজৰাইল আৰু আমেৰিকাৰ মিত্ৰদেশসমূহত আক্ৰমণ চলোৱাৰ লগতে সামুদ্ৰিক বাণিজ্যৰ অন্যতম পথ হৰমুজ প্ৰণালী বন্ধ কৰি দিছিল। এপ্ৰিল মাহত আমেৰিকাই ইৰাণৰ উপকূললৈ যাতায়াত কৰা জাহাজৰ ওপৰত অৱৰোধ আৰোপ কৰিছিল আৰু ৮ এপ্ৰিলত দুয়োপক্ষৰ মাজত এক প্ৰাথমিক যুদ্ধবিৰতি চুক্তি সম্পন্ন হৈছিল। এই চুক্তিৰ পিছতো শেহতীয়াকৈ আমেৰিকাই পুনৰ ইৰাণত আক্ৰমণ চলায় আৰু ইৰাণেও আমেৰিকাৰ মিত্ৰদেশ কুৱেইটত আক্ৰমণ সংঘটিত কৰে। ইৰাণ যুদ্ধ আৰম্ভ হোৱাৰ পৰা সদনত ডেম’ক্ৰেট নেতৃত্বাধীন এনে প্ৰস্তাৱৰ ওপৰত অনুষ্ঠিত হোৱা এয়া আছিল চতুৰ্থটো ভোটদান, যাৰ পূৰ্বৰ আটাইকেইটা প্ৰয়াস ব্যৰ্থ হৈছিল।

ভোটদানৰ অন্তত হাউছ ফৰেইন এফেয়াৰ্ছৰ জ্যেষ্ঠ ডেম’ক্ৰেট সদস্য গ্ৰেগৰী মিকছে কয় যে কংগ্ৰেছে আজি সংবিধান মানি চলিছে আৰু এই যুদ্ধৰ অন্ত পেলাবলৈ ডেম’ক্ৰেট তথা ৰিপাব্লিকান উভয় দলেই একমত প্ৰকাশ কৰিছে। ইন্ধনৰ মূল্যবৃদ্ধি আৰু জনসাধাৰণৰ বিৰোধিতাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰস্তাৱটোৱে প্ৰশাসনৰ ওপৰত চাপ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে। আনহাতে, ভোটদানৰ পূৰ্বে অধ্যক্ষ মাইক জনছনে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি কয় যে বৰ্তমানৰ পৰিস্থিতিত প্ৰশাসন আৰু মুখ্য সেনাধ্যক্ষৰ পৰা আলোচনাৰ ক্ষমতা কাঢ়ি নিয়াটো অতি বিপদজনক বিষয় হ’ব পাৰে। হোৱাইট হাউছৰ এগৰাকী বিষয়াই ভোটদান প্ৰক্ৰিয়াটোক গুৰুত্বহীন বুলি দাবী কৰি কয় যে ছগৰাকী ৰিপাব্লিকান সদস্যৰ অনুপস্থিতিৰ বাবেহে ই গৃহীত হৈছে। বিষয়াগৰাকীয়ে লগতে স্পষ্ট কৰে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে মুখ্য সেনাধ্যক্ষ হিচাপে নিজৰ সাংবিধানিক ক্ষমতা প্ৰয়োগ কৰি দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰাৰ কাম অব্যাহত ৰাখিব।

ইপিনে, বুধবাৰে হোৱাইট হাউছত সাংবাদিকৰ আগত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে যুদ্ধৰ অন্ত পেলাবৰ বাবে চলি থকা আলোচনা অতি সুচাৰুৰূপে আগবাঢ়িছে আৰু চলিত সপ্তাহান্ততে ই চূড়ান্ত ৰূপ পোৱাৰ সম্ভাৱনা আছে। শেহতীয়া আক্ৰমণৰ কথা স্বীকাৰ কৰি তেওঁ কয় যে তেওঁৰ প্ৰশাসনে অতি সোনকালে এক চুক্তিৰ জৰিয়তে এই সংঘাতৰ অৱসান ঘটোৱাৰ আশা কৰিছে আৰু দুয়োপক্ষ চুক্তিত স্বাক্ষৰ কৰাৰ দিশে দ্ৰুতগতিৰে অগ্ৰসৰ হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd