• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আমেৰিকাৰ মানৱ অধিকাৰ প্ৰতিবেদনত একে শাৰীত ৰাখিলে ভাৰত-পাকিস্তানক! ইজৰাইলৰ প্ৰতি নৰম পন্থা গ্ৰহণ কৰাৰ অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 10:17 am
37
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে প্ৰকাশ কৰিলে বিশ্ব মানৱ অধিকাৰৰ বাৰ্ষিক প্ৰতিবেদন। এই প্ৰতিবেদনত ভাৰত, পাকিস্তান আৰু বাংলাদেশকে ধৰি বিভিন্ন দেশৰ মানৱ অধিকাৰ পৰিস্থিতিৰ ওপৰত আলোকপাত কৰা হৈছে। বিশেষকৈ ভাৰত আৰু পাকিস্তানক একে শাৰিতে ৰাখি মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে গ্ৰহণ কৰা ব্যৱস্থাসমূহক ‘নূন্যতম’ বুলি বৰ্ণনা কৰা হৈছে। আনহাতে, ইজৰাইলৰ ক্ষেত্ৰত  নৰম পন্থা অৱলম্বন কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।

উল্লেখ্য যে প্ৰতি বছৰে আমেৰিকাই বিশ্বৰ প্ৰতিখন দেশৰ মানৱ অধিকাৰ উলংঘা আৰু তাৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপসমূহৰ ওপৰত এখন বিস্তৃত প্ৰতিবেদন প্ৰকাশ কৰে। এই বৰ্ষৰ প্ৰতিবেদনত ভাৰতৰ ক্ষেত্ৰত মণিপুৰৰ অশান্তি, জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাণ্ড, মাওবাদী কাৰ্যকলাপ, আৰক্ষীৰ মুখামুখি আৰু সংবাদ মাধ্যমৰ দমন আদি বিষয়ক লৈ চিন্তা প্ৰকাশ কৰিছে। প্ৰতিবেদনত দাবী কৰা হৈছে যে, “ভাৰত চৰকাৰে মানৱ অধিকাৰ উলংঘাকাৰীক চিনাক্ত কৰি শাস্তি দিয়াৰ বাবে বিশ্বাসযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু সেইবোৰ নূন্যতমহে। এই দাবীয়ে ভাৰতত বিতৰ্কৰ সৃষ্টি কৰিছে, কিয়নো ভাৰতে সদায় এনে প্ৰতিবেদনক দেশৰ অভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ বুলি অভিহিত কৰি আহিছে।

Apply Now

পাকিস্তানৰ ক্ষেত্ৰতো প্ৰতিবেদনত একেই সুৰ বজাই ৰখা পৰিলক্ষিত হৈছে। আমেৰিকাই দাবী কৰিছে যে ইছলামবাদে মানৱ অধিকাৰ উলংঘাৰ বিৰুদ্ধে অতি কম পদক্ষেপ গ্ৰহণ কৰিছে আৰু বছৰটোৰ ভিতৰত পৰিস্থিতিৰ কোনো বিশেষ পৰিৱৰ্তন হোৱা নাই। প্ৰতিবেদনত খাইবাৰ পাখতুনখোৱা আৰু বেলুচিস্তানত অব্যাহত উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ কথা উল্লেখ কৰা হৈছে। ভাৰত আৰু পাকিস্তানক একে শাৰীতে ৰখাৰ ফলত দক্ষিণ এছিয়াৰ ৰাজনৈতিক পৰিস্থিতিত নতুন বিতৰ্কৰ সূচনা হোৱাৰ সম্ভাৱনা আছে।

ইফালে বাংলাদেশৰ পৰিস্থিতিক লৈ প্ৰতিবেদনত মিশ্ৰিত পৰ্যালোচনা দেখিবলৈ পোৱা গৈছে। যোৱা বছৰৰ জুলাই মাহত হোৱা ‘জুলাই বিপ্লৱ’, প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰৰ পতন আৰু তেওঁৰ দেশৰ পৰা আঁতৰি যোৱাৰ লগতে মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰৰ কথা উল্লেখ কৰা হৈছে। প্ৰতিবেদনত কোৱা হৈছে যে জুলাই-আগষ্ট মাহত মানৱ অধিকাৰ পৰিস্থিতিৰ অৱনতি ঘটিছিল, কিন্তু তাৰ পিছৰ পৰা পৰিস্থিতি তুলনামূলকভাৱে সুস্থিৰ হৈ পৰিছে। অৱশ্যে হাছিনাৰ কাৰ্যকালত মানৱ অধিকাৰ উলংঘাকাৰীক শাস্তি দিয়াৰ ব্যৱস্থা অতি কম আছিল বুলি সমালোচনা কৰা হৈছে। বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে এই ক্ষেত্ৰত অধিক পদক্ষেপ গ্ৰহণ কৰিছে বুলি প্ৰতিবেদনত স্বীকৃতি প্ৰদান কৰিছে।

প্ৰতিবেদনত আমেৰিকাৰ ‘নিকট’ মিত্ৰ দেশসমূহৰ প্ৰতি সমালোচনা যথেষ্ট কোমল কৰি তুলিছে বুলি অভিযোগ উঠিছে। বিশেষকৈ ইজৰাইলৰ ক্ষেত্ৰত যোৱা বছৰৰ তুলনাত সমালোচনা বহু কম কৰা হৈছে। গাজাত মানৱীয় সংকট, অনাহাৰত মৃত্যু আৰু ইজৰাইলৰ আগ্ৰাসনৰ কোনো উল্লেখ নাই। আনহাতে, ইউক্ৰেইন-ৰাছিয়া যুদ্ধৰ ক্ষেত্ৰত একপক্ষীয়ভাৱে ৰাছিয়াক দোষাৰোপ কৰা হৈছে। এই দ্বিমুখী মানদণ্ডই প্ৰতিবেদনৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

এই প্ৰতিবেদনে দক্ষিণ এছিয়াৰ দেশসমূহত মানৱ অধিকাৰৰ পৰিস্থিতি উন্নয়নৰ বাবে আন্তৰ্জাতিক চাপ বৃদ্ধি কৰিব পাৰে বুলি বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে। অৱশ্যে  ভাৰত চৰকাৰে এতিয়ালৈকে এই প্ৰতিবেদনৰ ওপৰত কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

‘প্ৰধানমন্ত্ৰী আম্বানী’, ষ্টাৰলিংক প্ৰসংগত পুনৰ মুকেশ আম্বানীক আক্ৰমণ ইলন মাস্কৰ

October 10, 2026 8:51 am
‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

‘ভোট চুৰিৰ অভিযোগ অস্বীকাৰ কৰা নাই ৰাষ্ট্ৰপতিয়ে’, মুৰ্মুক অভিযোগ দিয়াৰ পিছত এইবাৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিব ‘ইণ্ডিয়া’!

October 10, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am
সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

সৰুৰে পৰা বৰ্ণবৈষম্যৰ বলি! শান্তিৰ নোবেল বঁটা বিজয়ী ভাৰতীয় মূলৰ নৱী পিল্লাই দৰাচলতে কোন?

October 10, 2026 9:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd