মধ্যপ্ৰাচ্যৰ যুদ্ধৰ যেন অন্ত নপৰিব। শুকুৰবাৰে হৰমুজ প্ৰণালীত ইৰাণে এখন মালবাহী জাহাজত আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে আমেৰিকাৰ সেনাই ৰণংদেহি ৰূপ গ্ৰহণ কৰে। আমেৰিকাই ইৰাণৰ ড্ৰ’ন আৰু মিছাইল ঘাটিত চিধাচিধি এয়াৰ ষ্ট্ৰাইক চলায়। এই আক্ৰমণৰ তেহৰানেও প্ৰত্যুত্তৰ দিয়ে। ফলত পশ্চিম এছিয়াত পুনৰ অশান্তি আৰম্ভ হৈছে।
জানিব পৰা মতে, মালবাহী জাহাজখনত ইৰাণৰ আক্ৰমণত ট্ৰাম্প প্ৰশাসন যথেষ্ট ক্ষুব্ধ হৈ পৰিছে। ইয়াৰ বাবেই আমেৰিকাৰ সেনাই ইৰাণৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ঘাটিক লক্ষ্য কৰি লৈছে। আমেৰিকাৰ সেনাবাহিনীৰ এই পদক্ষেপক চুইজাৰলেণ্ডত দুয়োখন দেশৰ মাজত হোৱা চুক্তিৰ পিছত প্ৰথমটো প্ৰত্যক্ষ সামৰিক আক্ৰমণ হিচাপে দেখা গৈছে।
যোৱা নিশা আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ডে ঘোষণা কৰে যে আমেৰিকান বাহিনীয়ে ইৰাণত প্ৰৱেশ কৰি বিমান আক্ৰমণ চলাইছে। চেণ্টকমে প্ৰদান কৰা তথ্য অনুসৰি আমেৰিকাৰ বায়ুসেনাই ইৰাণৰ ক্ষেপণাস্ত্ৰ, ড্ৰোন ষ্ট’ৰেজ চেণ্টাৰ আৰু উপকূলীয় ৰাডাৰক লক্ষ্য কৰি লৈছিল।
আমেৰিকাৰ সেনাই জনোৱা মতে, যোৱা ২৫ জুনত ইৰাণে ছিংগাপুৰৰ পতাকাবাহী মালবাহী জাহাজ ‘এম/ভি এভাৰ লাভলী’ত ড্ৰ’ন আক্ৰমণ চলাইছিল। আমেৰিকাৰ সেনাই ইৰাণৰ এই কাৰ্যক যুদ্ধবিৰতি উলংঘা বুলি অভিহিত কৰে। আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে এই আক্ৰমণ সংঘটিত হৈছে।
ট্ৰুথ ছ’চিয়েলত এটা পোষ্টত ট্ৰাম্পে দাবী কৰে যে ইৰাণে কৌশলগত জলপথৰ মাজেৰে পাৰ হৈ যোৱা জাহাজসমূহৰ ওপৰত চাৰিটা একমুখী আক্ৰমণাত্মক ড্ৰ’ন আক্ৰমণ চলাইছে। তেওঁ এই আক্ৰমণক দুয়োখন দেশৰ মাজত হোৱা যুদ্ধবিৰতি চুক্তিৰ অৰ্থহীন উলংঘা বুলি অভিহিত কৰে।
জনা গৈছে যে আমেৰিকাৰ আক্ৰমণৰ পিছত তেহৰানেও প্ৰত্যুত্তৰত আক্ৰমণ চলাইছিল। আক্ৰমণৰ পিছতে ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছে অঞ্চলটোত থকা আমেৰিকাৰ সামৰিক ঘাটিত ড্ৰ’ন আক্ৰমণ চলায়। অৱশ্যে এই আক্ৰমণৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কোনো তথ্য এতিয়াও পোৱা হোৱা নাই।





