DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

মাওবাদীৰ বিৰুদ্ধে এনকাউণ্টাৰস্থলীত উদ্ধাৰ আমেৰিকাত নিৰ্মিত যুদ্ধাস্ত্ৰ: দাবী আৰক্ষীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2022 4:59 pm
US-Made Weapon Seized
107
VIEWS
Share on FacebookShare on Twitter

বিগত মাহত ছত্তীশগড়ৰ বিজাপুৰ জিলাত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষৰ পিছতে সংঘৰ্ষস্থলীৰ পৰা নিৰাপত্তাৰক্ষীয়ে আমেৰিকাত নিৰ্মিত অস্ত্ৰ উদ্ধাৰ কৰিছিল। আজি এক বিবৃতি যোগে এই দাবী কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে ২৬ নৱেম্বৰত মিৰ্টুৰ থানাৰ সীমাৰ অন্তৰ্গত পোমৰা বনাঞ্চলত হোৱা এক এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে চাৰিগৰাকী মাওবাদী সদস্যক গুলীয়াই হত্যা কৰিছিল।

এই অভিযানত চাৰিটা যুদ্ধাস্ত্ৰ উদ্ধাৰ কৰা হৈছে। এই চাৰি যুদ্ধাস্ত্ৰৰ ভিতৰত আমেৰিকাত নিৰ্মিত এটা এম ১ কাৰ্বাইন পোৱা গৈছে বুলি এগৰাকী আৰক্ষী বিষয়াই আজি প্ৰকাশ কৰিছে।

আন এছাল্ট ৰাইফলৰ তুলনাত আমেৰিকাত নিৰ্মিত এই কাৰ্বাইনৰ বেৰেল সৰু আৰু এই উন্নত মানৰ যুদ্ধাস্ত্ৰবিধ ব্যৱহাৰ কৰিবলৈ সুবিধাজনক বুলি মন্তব্য কৰে বিষয়াগৰাকীয়ে।

এই যুদ্ধাস্ত্ৰবিধ উদ্ধাৰ কৰাৰ পাছতে আৰক্ষীয়ে মাওবাদীৰ হাতত কেনেদৰে আৰু ক’ৰ পৰা এনে অত্যাধুনিক অস্ত্ৰ ক্ৰয় কৰিছিল সেই তথ্য উদ্ধাৰৰ বাবে তদন্ত আৰম্ভ কৰিছে বুলিও বিষয়াগৰাকীয়ে লগতে কয়।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১১ চনৰ ডিচেম্বৰ আৰু ২০১৪ চনৰ এপ্ৰিল মাহত কাংকেৰ জিলাৰ ৰাউঘাট আৰু ভানুপ্ৰতাপপুৰ অঞ্চলত মাওবাদীৰ সৈতে সংঘৰ্ষৰ পিছত আমেৰিকান টেগ থকা দুটা ৭.৬৫ মিলিমিটাৰ অটোমেটিক পিষ্টল উদ্ধাৰ কৰা হৈছিল।

২০১৮ চনত চুকমা জিলাত মাওবাদীৰ সৈতে হোৱা আন এক সংঘৰ্ষৰ পিছতো জাৰ্মানীৰ টেগ থকা এটা ৰাইফল উদ্ধাৰ কৰাৰ লগতে নাৰায়ণপুৰ জিলাত আমেৰিকান মেকৰ এটা চাব মেচিনগান জব্দ কৰা হৈছিল।

Recent News

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

বিবিচিৰ মোডী তথ্যচিত্ৰ: কেন্দ্ৰৰ নিষেধাজ্ঞাক লৈ উচ্চতম ন্যায়ালয়ত আবেদনৰ শুনানি অহা সোমবাৰে

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

মহাত্মা স্মৰণ! জাতিৰ পিতাৰ মৃত্যু বাৰ্ষিকীত জীৱনক অনুপ্ৰাণিত কৰা তেওঁৰ কিছু বিশেষ উদ্ধৃতি

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

কণ্ঠশিল্পী অলকা য়াগনিকৰ বিশ্ব ৰেকৰ্ড; পিছ পৰিল বিটিএছ-টেইলৰ চুইফ্ট!

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

পাকিস্তানৰ মছজিদত ভয়ংকৰ বিস্ফোৰণ; নিহত ২৮ জন, ১৫০ জন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd