• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীলৈ ভাৰতত নামিল আমেৰিকাৰ তৃতীয়খন বিমান; কোন ৰাজ্যৰ বেছি?

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 17, 2025 8:40 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ পৰা বিতাড়িত অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা তৃতীয়খন বিমান ভাৰতত উপস্থিত হৈছে। দেওবাৰে নিশা প্ৰায় ১০ মান বজাত পঞ্জাৱৰ অমৃতসৰত শতাধিক অবৈধ অনুপ্ৰৱেশকাৰীক লৈ এখন আমেৰিকান বিমান অৱতৰণ কৰে।

ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত সেই দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ বিতাড়িত কৰিবলৈ আৰম্ভ কৰে। ড’নাল্ড ট্ৰাম্প প্ৰশাসনে শনিবাৰে দ্বিতীয় পৰ্যায়ত ১১৬ জন অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ বিতাড়িত কৰে। এইবাৰ আৰু ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীৰ সৈতে অমৃতসৰত অৱতৰণ কৰে আমেৰিকাৰ বায়ুসেনাৰ চি-১৭ গ্ল’বমাষ্টাৰ বিমান।

Apply Now

বাতৰি অনুসৰি, এই ১১২ জন অবৈধ অনুপ্ৰৱেশকাৰীৰ অধিকাংশই হাৰিয়ানাৰ বাসিন্দা। হাৰিয়ানাৰ ৪৪জন, গুজৰাটৰ ৩৩জন আৰু পঞ্জাৱৰ ৩১জন লোক এই তালিকাত আছে। ইয়াৰ বাহিৰেও উত্তৰ প্ৰদেশৰ দুজন বাসিন্দা, এজন উত্তৰাখণ্ড আৰু এজন হিমাচল প্ৰদেশৰ।

পূৰ্বৰ দুটা পৰ্যায়ত বিতাড়িত হোৱা অবৈধ অনুপ্ৰৱেশকাৰীৰ অধিকাংশই আছিল পঞ্জাৱৰ বাসিন্দা। এইবাৰৰ তালিকাত পঞ্জাৱৰ পৰাও যথেষ্ট সংখ্যক অবৈধ অনুপ্ৰৱেশকাৰীৰ নাম সন্নিবিষ্ট কৰা হৈছে। অৱশ্যে হাৰিয়ানা আৰু গুজৰাটৰ বাসিন্দাৰ সংখ্যা আৰু অধিক।

আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা বিমান কিয় পঞ্জাৱত অৱতৰণ কৰা হৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা ভাগৱত মানে।

তেওঁৰ প্ৰশ্ন হ’ল, “আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই অনা বিমান কেৱল পঞ্জাৱত কিয় অৱতৰণ কৰিছে?” আমেৰিকাৰ বিমান কিয় দেশৰ ৰাজধানী দিল্লীলৈ উৰা মৰা নাই?” মানে দাবী কৰে যে এইটো আচলতে এটা ‘ষড়যন্ত্ৰ’। সমগ্ৰ দেশৰ সন্মুখত পঞ্জাৱ আৰু পাঞ্জাবীক তুচ্ছ-তাচ্ছিল্য কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। পঞ্জাৱত বিমান অৱতৰণ কৰি এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে যেন কেৱল পাঞ্জাবীয়েহে অবৈধভাৱে আমেৰিকালৈ যায়।

ট্ৰাম্প দ্বিতীয় বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছত ৫ ফেব্ৰুৱাৰীত প্ৰথম পৰ্যায়ত অবৈধ অনুপ্ৰৱেশকাৰীক ভাৰতলৈ বিতাড়িত কৰা হৈছিল। সেইদিনা ১০৪ জন অবৈধ অনুপ্ৰৱেশকাৰীক লৈ অমৃতসৰত উপস্থিত হয় এখন আমেৰিকান সামৰিক বিমান। ইয়াৰে অধিকাংশই আছিল পঞ্জাৱ, গুজৰাট, আৰু হাৰিয়ানাৰ বাসিন্দা। শনিবাৰে নিশা দ্বিতীয়খন বিমানত অহা ১১৬ জন লোকৰ ভিতৰত ৬৫ জন আছিল পঞ্জাৱৰ বাসিন্দা।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

August 8, 2026 4:20 pm
তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয়ৰ সৈতেই থাকিব পত্নী সংগীতা; বিবাহ বিচ্ছেদৰ গোচৰ প্ৰত্যাহাৰ

August 8, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd