NORTHEAST NOW (Assamese)

শ্ৰমিকক দাস হিচাপে ৰাখি কাম কৰাৰ অভিযোগ; চীনা প্ৰতিষ্ঠানৰ পৰা কপাহজাত সামগ্ৰী আমদানিত নিষেধাজ্ঞা আমেৰিকাৰ

December 3, 2020 4:26 pm · এন ই নাও নিউজ

আমেৰিকা যুক্তৰাষ্ট্ৰই বুধবাৰে চীনৰ এটা বাণিজ্যিক গোষ্ঠীৰ পৰা কপাহজাত সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে।

বন্দী উইঘুৰ মুছলমানক দাস হিচাপে ৰাখি কাম কৰাৰ অভিযোগ তুলি আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ ঝিনঝিয়াং প্ৰডাকশ্যন এণ্ড কনষ্ট্ৰাকশ্যন কোৰ্পছৰ পৰা কপাহজাত সামগ্ৰী আমদানি কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰে।

মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে চীনত হৈ থকা মানৱ অধিকাৰ ভংগক কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহ বিভাগৰ অতিৰিক্ত সচিৱে।

অতিৰিক্ত সচিৱ গৰাকীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ‘মেড ইন চাইনা’ৰ সামগ্ৰী সমূহক সতৰ্ক কৰি দিয়া হৈছে বুলিও লগতে কয়।

আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ বাণিজ্যিক প্ৰতিষ্ঠানৰ পৰা কপাহজাত সামগ্ৰী আমদানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিলেও বুধবাৰে চীনে সুদীৰ্ঘ ত্ৰিশ বছৰৰ অন্তত ভাৰতৰ পৰা চাউল আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

চীনে চাউল ক্ৰয় কৰা দেশ পাকিস্তান আৰু থাইলেণ্ডত চাউলৰ মূল্য বৃদ্ধি হোৱাৰ পাছত চীনে ভাৰতৰ পৰা চাউল ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Related News