• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন যাব হোৱাইট হাউছলৈ; দৃষ্টি নিৱদ্ধ সমগ্ৰ বিশ্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2024 10:32 am
আজি আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতি নিৰ্বাচন, কোন যাব হোৱাইট হাউছলৈ; দৃষ্টি নিৱদ্ধ সমগ্ৰ বিশ্বৰ

ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অপেক্ষাৰ সময় প্ৰায় শেষ। আজি (মঙলবাৰে) আমেৰিকাত ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হৈছে। ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী কমলা হেৰিছ নে ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড’নাল্ড ট্ৰাম্প, হোৱাইট হাউছৰ টিকট কোনে পাব সেয়া আজি আমেৰিকাৰ নাগৰিকে ভোট দি নিৰ্ধাৰণ কৰিব। গোটেই দিনটো চলিব ৰিপাব্লিকানৰ প্ৰতীক হাতী আৰু ডেম’ক্ৰেটিকৰ প্ৰতীক গাধৰ মাজত যুঁজ।

আজি আমেৰিকাৰ ৫০খন ৰাজ্য আৰু ৱাশ্বিংটন ডি চিৰ সকলো ভোটাৰে ভোটদান কৰিব। বিশাল দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছটা টাইম জ’ন আছে। ফলত বিভিন্ন ৰাজ্যত সময়ৰ ব্যৱধানৰ সৃষ্টি হয়। সেয়েহে সকলো ৰাজ্যতে সময়ৰ সমন্বয় কৰি ভোটগ্ৰহণ আৰম্ভ আৰু শেষ হ’ব। ইতিমধ্যে আমেৰিকাত ৭ কোটি ৮ লাখ ভোটাৰে ভোটদান কৰিছে।

নিৰ্বাচনী আলোচনাৰ কেন্দ্ৰবিন্দুত আছে প্ৰধান দল দুটাৰ প্ৰাৰ্থী কমলা আৰু ট্ৰাম্প। পৰম্পৰাগতভাৱে তেওঁলোক মূল প্ৰতিদ্বন্দ্বী। কমলাৰ উপ-ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে টিম ৱালজ আৰু ট্ৰাম্পৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জে ডি ভেন্স। এই নিৰ্বাচনত আৰু চাৰিজন ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী আছে। তেওঁলোক হ’ল গ্ৰীণ পাৰ্টিৰ জিল ষ্টেইন, লিবাৰটেৰিয়ান পাৰ্টিৰ চেজ অলিভাৰ, নিৰ্দলীয় প্ৰাৰ্থী কৰ্নেল ৱেষ্ট আৰু ৰবাৰ্ট কেনেডি জুনিয়ৰ।

লগতে পঢ়কঃ গড়ভঙা বন্যপ্ৰাণী অভয়াৰণ্যৰ ডি-নোটিফিকেচন সন্দৰ্ভত অসম চৰকাৰলৈ জাননী গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ

এই প্ৰাৰ্থীসকলে আমেৰিকাৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতিৰ পদ দখলৰ বাবে কম প্ৰচাৰ চলোৱা নাছিল। আৰম্ভণিতে ডেম’ক্ৰেটিক পাৰ্টিৰ প্ৰাৰ্থী আছিল বৰ্তমানৰ ৰাষ্ট্ৰপতি ৮১ বছৰীয়া জো বাইডেন। কিন্তু ট্ৰাম্পৰ সৈতে হোৱা বিতৰ্কত বেয়া প্ৰদৰ্শন কৰাৰ পিছত বয়সৰ বাবে দলৰ হেঁচাত তেওঁ পদত্যাগ কৰিবলগীয়া হয়। তেওঁৰ ঠাইত যোৱা জুলাই মাহত উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক মনোনীত কৰা হয়।

বিভিন্ন সমীক্ষাৰ ফলাফলত কোৱা হৈছে যে দুয়োৰে মাজত তীব্ৰ যুঁজ হ’ব। নিৰ্বাচনী জয় আৰু পৰাজয় নিৰ্ণয় কৰিব দৌদুল্যমান হৈ থকা সাতখন ৰাজ্যই। গতিকে শেষ মুহূৰ্তত দুজনে এই ৰাজ্যবোৰত মাৰাথন প্ৰচাৰ চলায়। কালি পেনচিলভেনিয়াত কমলাই নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ কথা আছিল। ইয়াৰ পূৰ্বে তেওঁ মিচিগান ষ্টেট ইউনিভাৰ্চিটিত ভাষণ দিছিল। মিচিগানত থকা আৰব-আমেৰিকান মুছলমান ভোটাৰসকলক আকৰ্ষণ কৰিবলৈ তেওঁ কয় যে গাজাৰ যুদ্ধৰ অন্ত পেলাবলৈ তেওঁ নিজৰ সাধ্য অনুসৰি সকলো কৰিব।

কালি নৰ্থ কেৰ’লিনা, পেনচিলভেনিয়া আৰু মিচিগানত ৭৮ বছৰীয়া ট্ৰাম্পে ৰেলী অনুষ্ঠিত কৰে। উত্তৰ কেৰ’লিনাৰ কিনষ্টনত অনুষ্ঠিত এক সমাৱেশত সমৰ্থকসকলক সম্বোধন কৰি তেওঁ কয়, ‘আমি সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান হ’ব পাৰে। দেশৰ ভাগ্য এতিয়া আপোনালোকৰ হাতত।

জনপ্ৰিয়তাৰ যুঁজত কোন আগবাঢ়ি আছে?

২০২০ চনত যেতিয়া জো বাইডেন ক্ষমতাত আছিল তেতিয়া কৰ’না মহামাৰী চলি আছিল। সেই সময়ত বাইডেন প্ৰশাসনে দৃঢ় হাতেৰে মহামাৰীৰ পৰিস্থিতি চম্ভালিছিল। অৱশ্যে এই ক’ৰ’না পাছলৈ ডিঙিত কাঁইট হৈ পৰিল। আমেৰিকাৰ অৰ্থনীতিৰ ওপৰত হেঁচা বৃদ্ধি পোৱাৰ লগে লগে সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ লগতে কৰ্মসংস্থাপনৰ অভাৱ ঘটে। অনুপ্ৰৱেশকাৰীৰ ওপৰত কঠোৰ ব্যৱস্থা ল’ব নোৱাৰিলে বাইডেনে। ইয়াৰ বাবেই তেওঁৰ জনপ্ৰিয়তা কমি আহিল।

লগতে পঢ়কঃ ‘বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান’! সুধাকণ্ঠৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীত একাঁজলি শ্ৰদ্ধাঞ্জলি

মূলতঃ এই কাৰণসমূহৰ বাবেই বাইডেন ক্ষমতালৈ অহাৰ কিছু সময়ৰ পাছৰে পৰা ডেম’ক্ৰেটৰ দীৰ্ঘম্যাদী আধিপত্য হ্ৰাস পাবলৈ ধৰে।

নিৰ্বাচনী প্ৰচাৰত প্ৰৱেশ কৰাৰ পিছত ট্ৰাম্পক দুবাৰকৈ হত্যাৰ চেষ্টা কৰা হৈছে। ইয়াৰ ফলত তেওঁৰ জনপ্ৰিয়তাও কিছু পৰিমাণে বৃদ্ধি পোৱাত সহায় কৰিছিল। কিন্তু দেওবাৰে নিউয়ৰ্ক টাইমছ কাকতৰ এক বিশ্লেষণত কোৱা হৈছে যে ট্ৰাম্পে কান্ধত বিভিন্ন অপৰাধমূলক গোচৰ লৈ নিৰ্বাচনত জয়ী হ’লেও সেই কৃতিত্ব তেওঁৰ নিজৰ নহ’ব। বাইডেন প্ৰশাসনৰ প্ৰতি মানুহৰ অসন্তুষ্টিয়েহে তেওঁৰ জয়ৰ আঁৰত কাম কৰিব।

আমেৰিকাৰ ৫০খন ৰাজ্যৰ ভিতৰত ৪৩খন ৰাজ্যত কমলা নে ট্ৰাম্প জয়ী হ’ব সেয়া প্ৰাবহুখিনি নিশ্চিত হৈছে। এই বিষয়টো সাতখন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিছে—পেনচিলভেনিয়া, এৰিজোনা, নেভাদা, উইচকনচিন, নৰ্থ কেৰ’লিনা, মিচিগান আৰু জৰ্জিয়া। এই সাতখন ৰাজ্যৰ ফলাফলেই কমলা-ট্ৰাম্পৰ ভাগ্য নিৰ্ণয় কৰিব।

কালি নিউয়ৰ্ক টাইমছৰ এক সমীক্ষা অনুসৰি সমগ্ৰ দেশৰ ৪৯ শতাংশ লোকে কমলাক সমৰ্থন কৰে আৰু ৪৮ শতাংশ লোকে ট্ৰাম্পক সমৰ্থন কৰে। ইয়াৰ উপৰিও ছুইং ষ্টেটত পেনচিলভেনিয়াত ১ শতাংশ, এৰিজোনাত ৪ শতাংশ, নেভাদাত ১ শতাংশ আৰু উত্তৰ কেৰ’লিনা আৰু জৰ্জিয়াত ১ শতাংশ ট্ৰাম্পে আগবাঢ়ি আছে। উইচকনচিনত ১ শতাংশ আৰু মিচিগানত ১ শতাংশ আগবাঢ়ি আছে কমলা।

লগতে পঢ়কঃ ৰাইজেই ৰজা! স্পেইনৰ ৰজা-ৰাণী-প্ৰধানমন্ত্ৰীলৈ বোকা মাৰি পঠিয়ালে ক্ষুব্ধ বন্যাক্ৰান্ত জনতাই

ফলাফল কেতিয়া গম পোৱা যাব?

যদি সকলো ঠিকে থাকে তেন্তে স্থানীয় সময় অনুসৰি ৫ নৱেম্বৰৰ নিশা বা ৬ নৱেম্বৰৰ দিনৰ ভিতৰত নিৰ্বাচনৰ চূড়ান্ত ফলাফল জানিব পৰা যাব। কিন্তু কোনো সমস্যা হ’লে চূড়ান্ত ফলাফল জানিবলৈ কিছুদিন লাগিব পাৰে। উদাহৰণস্বৰূপে ২০২০ চনৰ নিৰ্বাচনৰ চূড়ান্ত ফলাফল চাৰিদিন পিছত ঘোষণা কৰা হৈছিল। সেই বছৰ কেইবাখনো ৰাজ্যত বাইডেন আৰু ট্ৰাম্পৰ মাজত তীব্ৰ যুঁজ হৈছিল। আকৌ ২০১৬ চনত ৫ নৱেম্বৰৰ নিশাৰ ভিতৰতে ফলাফল জানিব পৰা গৈছিল।

ভোটাৰসকলে মূলতঃ ইলেক্ট্ৰৰেল কলেজ বাছি ল’ব। ১৭ ডিচেম্বৰত তেওঁলোকৰ ভোটৰ দ্বাৰা নিৰ্বাচিত হ’ব ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি। আমেৰিকাত ইলেক্ট্ৰৰেল কলেজৰ মুঠ ভোটৰ সংখ্যা ৫৩৮টা। এজন প্ৰাৰ্থীক ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’বলৈ ২৭০টা ভোটৰ প্ৰয়োজন। ২০২৫ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ প্ৰতিনিধি সদনত পুনৰ ভোট গণনা কৰা হ’ব। সেইদিনা আনুষ্ঠানিকভাৱে নিৰ্বাচিত হ’ব নতুন ৰাষ্ট্ৰপতি। তাৰ পিছত ২০ জানুৱাৰীত শপত গ্ৰহণ কৰি তেওঁ হোৱাইট হাউছত বহিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

August 17, 2025 7:44 pm
২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

August 17, 2025 7:27 pm
“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

“চৰিত্ৰত দাগ থকা মহিলাইহে ডেটিং এপত সংগী বিচাৰে!” : আকৌ তোলপাৰ লগাইছে কংগণাৰ মন্তব্যই

August 17, 2025 6:52 pm
অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিলৰ দাবী! আছু আৰু শিক্ষক সংগঠনসমূহৰ বৈঠক

অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত বাতিলৰ দাবী! আছু আৰু শিক্ষক সংগঠনসমূহৰ বৈঠক

August 17, 2025 6:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

চাহ শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত নে? চৰকাৰ আৰু মালিকৰ উদাসীনতাৰ বিৰুদ্ধে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদৰ হুংকাৰ

August 17, 2025 7:44 pm
২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

২০৩০ চনত আহমেদাবাদত অনুষ্ঠিত হ’ব পাৰে কমনৱেলথ গেমছ! ৩১ আগষ্টৰ ভিতৰত চূড়ান্ত প্ৰস্তাৱ দাখিল কৰিব লাগিব ভাৰত চৰকাৰে

August 17, 2025 7:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd