• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৌদি আৰৱ-ইৰাণৰ সম্পৰ্ক পুনৰুদ্ধাৰৰ বাবে চীনৰ মধ্যস্থতা; অস্বস্তিত আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2023 8:21 am
ফটো : সংগ্রিহীত।

ফটো : সংগ্রিহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰাণ আৰু চৌদি আৰবে চীনৰ মধ্যস্থতাত কূটনৈতিক সম্পৰ্ক পুনৰুদ্ধাৰ কৰিবলৈ সন্মত হৈছে। চৌদি আৰৱৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মুছাদ বিন মহম্মদ আল-আইবান আৰু ইৰাণৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ মুৰব্বী আলী চামখানিয়ে শুকুৰবাৰে বেইজিংত এখন বৈঠকৰ পিছত এই ঘোষণা কৰে।

চীনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী আৰু বৰ্তমান দেশখনৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আয়োগৰ সঞ্চালক ৱাং য়ি সেই সময়ত উপস্থিত আছিল।

বাতৰি অনুসৰি, চীনৰ দ্বাৰা কৰা চৌদি আৰৱ-ইৰাণ চুক্তি আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে যথেষ্ট অস্বস্তিৰ কাৰণ হ’ব পাৰে। মধ্যপ্ৰাচ্যৰ দুখন গুৰুত্বপূৰ্ণ দেশৰ কূটনৈতিক সহমতে তেহৰাণৰ পাৰমাণৱিক কাৰ্যসূচীত যতি পেলাবলৈ আৰু য়েমেনত যুদ্ধবিৰতি স্থায়ী কৰাৰ সুযোগ সৃষ্টি কৰিব পাৰে।

Apply Now

বিশ্লেষণ অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰই দীৰ্ঘদিন ধৰি মধ্য প্ৰাচ্যত প্ৰভাৱ বজাই ৰাখিছে। এতিয়া চীনৰ মধ্যস্থতাৰ জৰিয়তে ইৰাণ আৰু চৌদি আৰবে পুনৰ কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত সহমতত উপনীত হোৱাৰ ফলত ৱাশ্বিংটনৰ বিষয়াসকল অস্বস্তিত পৰিব। ইৰাণ আৰু চৌদি আৰৱৰ মাজত হোৱা চুক্তিত চীনৰ জড়িত হোৱা বাবে ৱাশ্বিংটনৰ বাবে চিন্তা বাঢ়িছে।

মধ্য প্ৰাচ্যৰ দুই প্ৰতিদ্বন্দীৰ মাজত বেইজিংত হোৱা আলোচনাৰ খবৰ আগতে দিয়া হোৱা নাছিল। চাৰি দিনৰ আলোচনাত চূড়ান্ত চুক্তিত উপনীত হোৱাৰ পিছত এই ঘোষণা কৰা হৈছিল।

হোৱাইট হাউচৰ মুখপাত্ৰ জন কাৰ্বিয়ে শুকুৰবাৰে কৈছিল যে ৱাশ্বিংটন এই চুক্তিত পোনপটীয়াকৈ জড়িত নাছিল। অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰক চৌদি আৰবে ইৰাণৰ সৈতে হোৱা আলোচনাৰ বিষয়ে অৱগত কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজৰ সম্পৰ্ক বাণিজ্যৰ পৰা গুপ্তচৰ বৃত্তিলৈকে বিষয়বোৰক লৈ ক্ৰমান্বয়ে তিক্ত হৈ পৰিছে। এই দুয়োখন দেশে তেওঁলোকৰ নিজৰ সীমাৰ পৰা আঁতৰত পৃথিৱীৰ কেইবাটাও ঠাইত প্ৰভাৱ বিস্তাৰৰ বাবে প্ৰতিযোগিতা কৰি আছে। ইয়াৰ মাজতে, চৌদি আৰবে চীনৰ মধ্যস্থতাৰ জৰিয়তে চিৰ প্ৰতিদ্বন্দী ইৰাণৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰিছে।

অ’বামা প্ৰশাসনৰ দ্বাৰা নিযুক্ত পূব এছিয়াৰ তদানীন্তন শীৰ্ষ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কূটনীতিবিদ ডেনিয়েল ৰাছেলে বিশ্বাস কৰে যে এই চুক্তিত চীন জড়িত হোৱাটো ৱাশ্বিংটনৰ বাবে গুৰুত্বপূৰ্ণ। কোনো পক্ষ নহ’লে যুঁজাৰু দুয়োপক্ষৰ মাজত মধ্যস্থতা কৰাৰ ক্ষেত্ৰত বেইজিঙে যি ভূমিকা পালন কৰিছে সেয়া অস্বাভাৱিক। তেওঁ এইটোও অনুমান কৰে যে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মস্কো ভ্ৰমণ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত মধ্যস্থতাৰ পূৰ্বাভাস হ’ব পাৰে।

অৱশ্যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ বৈদেশিক পৰিক্ৰমা সভাৰ অধ্যক্ষ ৰিপাব্লিকান প্ৰতিনিধি মাইকেল মেককলে চীনক শান্তিৰ মধ্যস্থতাকাৰী হিচাপে প্ৰত্যাখ্যান কৰিছে। তেওঁৰ মতে, চীন কোনো দায়িত্বশীল পক্ষ নহয়। তেওঁলোকক বিস্বস্ত বা নিৰপেক্ষ মধ্যস্থতাকাৰী হিচাপে বিশ্বাস কৰিব নোৱাৰি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd