• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত জড়িত নহয় আমেৰিকা; স্পষ্ট কৰিলে হোৱাইট হাউছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2024 12:35 pm
হোৱাইট হাউছৰ প্রেছ সচিব কেৰিন জিন পিয়েৰ। ফটোঃ সংগ্ৰহীত।

হোৱাইট হাউছৰ প্রেছ সচিব কেৰিন জিন পিয়েৰ। ফটোঃ সংগ্ৰহীত।

143
VIEWS
Share on FacebookShare on Twitter

শ্বেখ হাছিনাক ক্ষমতাচ্যুত কৰাত আমেৰিকাৰ ভূমিকা আছে বুলি উত্থাপিত অভিযোগ অস্বীকাৰ কৰিছে ৱাশ্বিংটনে। কালি ৱাশ্বিংটনত অনুষ্ঠিত এক প্ৰেছ ব্রিফিঙত হোৱাইট হাউছৰ প্রেছ সচিব কেৰিন জিন পিয়েৰে কয় যে এনে অভিযোগ সম্পূর্ণ মিছা৷

ব্রিফিঙত কেৰিন জিন পিয়েৰক সোধা হৈছিল, বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাই অভিযোগ কৰিছিল যে তেওঁক ক্ষমতাৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাত আমেৰিকাৰ ভূমিকা আছে৷ তেওঁৰ (শ্বেখ হাছিনাৰ) এনেকুৱা ভাগ্যৰ কাৰণ তেওঁ বাংলাদেশৰ এটা দ্বীপ ৱাশ্বিংটনক গতাই দিয়া নাছিল। দ্বীপটো এৰি দিবলৈ সন্মত হ’লে হয়তো তেওঁ ক্ষমতাত থাকিলহেঁতেন। এনে অভিযোগৰ প্ৰতি আমেৰিকা প্ৰশাসনৰ সঁহাৰি কি?

লগতে পঢ়কঃ আদানীৰ শ্বেয়াৰত বৃহৎ পতন! বিশ্বজুৰি উঠিছে মাধৱীৰ পদত্যাগৰ দাবী

ইয়াৰ উত্তৰত কেৰিন জিন-পিয়েৰে কয়, ‘আমি ইয়াৰ লগত কোনোধৰণে জড়িত নহয়। আমেৰিকা প্ৰশাসন জড়িত থকা সম্পৰ্কীয় যিকোনো বাতৰি বা চৰ্চা সম্পূৰ্ণ মিছা, একেবাৰে সত্যতা নাই।‘

কেৰিন জিন পিয়েৰে লগতে কয়, ‘বাংলাদেশৰ মানুহে নিজৰ বাবে এই পছন্দ বাছি লৈছে। বাংলাদেশ চৰকাৰৰ ভৱিষ্যৎ দেশৰ জনসাধাৰণে সিদ্ধান্ত ল’ব বুলি আমি বিশ্বাস কৰোঁ৷ এয়া আমাৰ স্থিতি। গতিকে যদি এনে কোনো অভিযোগ উত্থাপন হয়, মই ইয়াত যি কৈছো, মই সদায় সেইটো ক’ম, সেয়া একেবাৰেই সঁচা নহয়।‘

যোৱা দেওবাৰে ভাৰতৰ একাংশ সংবাদ মাধ্যমত শ্বেখ হাছিনাই ছেইণ্ট মাৰ্টিন দ্বীপ দিবলৈ সন্মত নোহোৱাৰ বাবে তেওঁক ক্ষমতাচ্যুত কৰা বুলি দিয়া এক বাৰ্তাৰ বাতৰি প্ৰকাশ কৰিছিল। তাত কোৱা হৈছিল যে ইয়াৰ আঁৰত আছে আমেৰিকা।

লগতে পঢ়কঃ ফাৰ্মাচিউটিকেল ইনষ্টিটিউট পৰিদৰ্শনৰ নামত কেলেংকাৰী; গ্ৰেপ্তাৰ বিশ্ববিদ্যালয়ৰ দুই অধ্যাপক

অৱশ্যে দেওবাৰে নিশা ১১:৫৫ বজাত শ্বেখ হাছিনাৰ পুত্ৰ ছাজিব ৱাজেদ জয়ে তেওঁৰ ভেৰিফাইড একাউণ্টৰ পৰা মেছেজ প্ৰেৰণ কৰে। তাত তেওঁ লিখিছে, ‘মাৰ পদত্যাগ সন্দৰ্ভত এটা বক্তব্য সংবাদ মাধ্যমত প্ৰকাশ পাইছে, যিটো সম্পূৰ্ণ মিছা আৰু মনেসজা। অলপ আগতে তেওঁৰ (শ্বেখ হাছিনা)ৰ লগত কথা পাতি নিশ্চিত কৰিলোঁ। ঢাকা এৰি যোৱাৰ আগতে বা ঢাকা এৰি যোৱাৰ পিছতো তেওঁ কোনো বক্তব্য দিয়া নাই। 

Recent News

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd