• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আদানীৰ শ্বেয়াৰত বৃহৎ পতন! বিশ্বজুৰি উঠিছে মাধৱীৰ পদত্যাগৰ দাবী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 13, 2024 11:23 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিণ্ডেনবাৰ্গৰ নতুন অভিযোগৰ ফলত আদানীৰ ষ্টকৰ মূল্য একেবাৰতে বৃহৎ হ্ৰাস পালে। ইফালে সমগ্ৰ বিশ্বতে ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচৰ পদত্যাগৰ দাবী উত্থাপন হৈছে।

মাত্ৰ ডেৰ বছৰৰ ভিতৰতে আমেৰিকাৰ সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানীক লৈ অভিযোগ উত্থাপন কৰিছে। এইবাৰ অভিযোগত তেওঁলোকে কয় যে বিদেশলৈ সম্প্ৰসাৰিত হোৱা আদানী ঔদ্যোগিক গোষ্ঠীৰ ধনত শ্বেয়াৰ আছিল ষ্টক মাৰ্কেট নিয়ন্ত্ৰণ সংস্থা ‘চিকিউৰিটিজ এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া’ বা ‘ছেবি’ৰ মুৰব্বীৰ!

হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে আলোড়নৰ সৃষ্টি হয়। অৱশ্যে ছেবিৰ অধ্যক্ষ মাধৱী পুৰী বুচ আৰু তেওঁৰ স্বামী ধবল বুচে হিণ্ডেনবাৰ্গৰ এই দাবী খণ্ডন কৰে। তেওঁলোকৰ দাবী যে সকলো অভিযোগ ভিত্তিহীন আৰু তেওঁলোকক বদনাম কৰিবলৈ কৰা হৈছে। কিন্তু হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত স্ব-শাসিত ছেবিৰ নিৰপেক্ষ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে!

Apply Now

লগতে পঢ়কঃ প্ৰতিদিনে ভাতসাজৰ সৈতে কেঁচা জলকীয়া খায়! নিয়মিত জলকীয়া খোৱাটো সঁচাকৈয়ে উপকাৰীনে?

অভিযোগ যিয়েই নহওক আৰু ঘটনাৰ সত্য যিয়েই নাথাকক কিয়, আপাততঃ এই বিতৰ্কই আদানীৰ শ্বেয়াৰত এক বৃহৎ পতনৰ সৃষ্টি কৰিছে। ‘আদানি এনাৰ্জি ছলিউচন’, ‘আদানি উইলমাৰ’ আৰু ‘আদানি টোটেল গেছ’ৰ শ্বেয়াৰৰ মূল্য বৃহৎ হ্ৰাস পাইছে।

হিণ্ডেনবাৰ্গে ঠিক কি অভিযোগ কৰিছে? হিণ্ডেনবাৰ্গ ৰিচাৰ্চে জনোৱা মতে, বৰ্তমানৰ ছেবিৰ অধ্যক্ষ মাধৱী বুচ আৰু তেওঁৰ স্বামী ধবল বুচৰ আদানীৰ বিদেশত থকা কোম্পানীত অংশীদাৰিত্ব আছে। ইয়াৰ পূৰ্বে হিণ্ডেনবাৰ্গে উদ্যোগপতি গৌতম আদানীয়ে শ্বেয়াৰৰ মূল্য অত্যধিক বৃদ্ধি কৰি দেখুওৱাৰ অভিযোগ উত্থাপন কৰিছিল। আকৌ আদানীয়ে বিদেশত বিনিয়োগ কৰা ধনত কেন্দ্ৰীয় সংস্থা ছেবিৰ মুৰব্বীৰ অংশীদাৰিত্ব আছে বুলি পোষ্ট কৰে! হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে গৌতম আদানীৰ ভাতৃ বিনোদ আদানীৰ বিদেশত থকা কোম্পানীসমূহত ছেবিৰ মুৰব্বী আৰু তেওঁৰ স্বামীৰ অংশীদাৰিত্ব আছে।

আৰু এই অভিযোগৰ বাবেই সমগ্ৰ বিশ্বতে মাধৱীৰ পদত্যাগৰ দাবী উত্থাপন হৈছে। বিশ্বব্যাপী বিনিয়োগকাৰীয়ে এতিয়া মাধৱীৰ পদত্যাগৰ আহ্বান জনাইছে।

লগতে পঢ়কঃ ফাৰ্মাচিউটিকেল ইনষ্টিটিউট পৰিদৰ্শনৰ নামত কেলেংকাৰী; গ্ৰেপ্তাৰ বিশ্ববিদ্যালয়ৰ দুই অধ্যাপক

যোৱা বছৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে কেনেকৈ আদানীয়ে কৰ ফাঁকি দি বিদেশত ভুৱা কোম্পানী খুলি ধন সৰকাইছিল! অভিযোগৰ তদন্ত ছেবিৰ ওপৰত ন্যস্ত কৰা হয়। এই সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আছিল। হিণ্ডেনবাৰ্গে আচলতে বুজাব খুজিছে যে সৰিয়হৰ ডুলিতে আছে ভূত! যাৰ ওপৰত তদন্তৰ ভাৰ, আদানী গোষ্ঠীৰ সৈতে তেওঁৰেই ভিতৰি গোপন লেনদেন! হিণ্ডেনবাৰ্গে কয়, তেওঁলোকৰ প্ৰতিবেদন প্ৰকাশৰ ১৮ মাহ পাৰ হৈ গ’ল, আনহাতে ছেবিয়ে আদানীৰ ওপৰত আচৰিত ধৰণে মৌনতা অৱলম্বন কৰিছে!

হিণ্ডেনবাৰ্গে অভিযোগ কৰে যে মাধৱী বুচ আৰু তেওঁৰ স্বামীয়ে মৰিচাছ আৰু বাৰ্মুডাত ভুৱা বিদেশী কোম্পানীত বিনিয়োগ কৰিছিল যাৰ সৈতে গৌতম আদানীৰ ভাতৃ বিনোদ আদানীৰ প্ৰত্যক্ষ সম্পৰ্ক আছিল। এই সকলোবোৰ বিনিয়োগ ২০১৫ চনত কৰা হৈছিল। ইয়াৰ পিছত ২০১৭ চনত মাধৱী বুচক ছেবিৰ পূৰ্ণকালীন সদস্য হিচাপে নিযুক্তি দিয়া হয়। প্ৰতিবেদন অনুসৰি, সেই সময়ত নিৰীক্ষণৰ পৰা হাত সাৰিবলৈ ধবলে মাধবীৰ নামত থকা বিদেশী বিনিয়োগৰ সকলোখিনি নিজৰ নামলৈ হস্তান্তৰ কৰিছিল।

লগতে পঢ়কঃ বিতৰ্কৰ মাজতে কেন্দ্ৰৰ ঘোষণা; সম্প্ৰচাৰ সেৱা নিয়ন্ত্ৰণ বিধেয়কৰ নতুন খচৰা দাখিল কৰা হ’ব সংসদত

সকলো অভিযোগ অস্বীকাৰ কৰি বুচ দম্পতীয়ে কয় যে তেওঁলোকে সকলো আৰ্থিক তথ্য ৰাজহুৱা কৰিব পাৰে। এই বিষয়ে তেওঁলোকৰ কোনো সংকোচ নাই। আনকি যেতিয়া তেওঁলোক কোনো চৰকাৰী পদত নাছিল, যদি বিচাৰে সেই সময়ৰ তথ্যসমূহ পৰীক্ষা কৰিব পাৰে! কেৱল সেয়াই নহয়, সম্পূৰ্ণ স্বচ্ছতাৰ স্বাৰ্থত তেওঁলোকে অতি সোনকালে এক বিশদ বিবৃতি প্ৰকাশ কৰিব। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

১২ বছৰৰ সংসাৰৰ ভয়ংকৰ পৰিণতি : পৰকীয়া প্ৰেমৰ সন্দেহত শুই থকা অৱস্থাত পত্নীৰ শিৰচ্ছেদ কৰিলে স্বামীয়ে

September 17, 2026 8:41 am
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

September 17, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

অৰণ্যত ঘাটি পাতি কূটাঘাতৰ চেষ্টা! কাশ্মীৰত নিশা সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত ২ জইছ সন্ত্ৰাসবাদী

September 17, 2026 9:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd