• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আদানিৰ ঘৰলৈ আহিল আমেৰিকাৰ SEC-ৰ চমন নটিছ; উৎকোচৰ গোচৰত এইবাৰ কি হ’ব গৌতমৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2024 12:08 pm
উৎকোচ গোচৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিলৈ আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে জাৰি কৰিছে চমন।

উৎকোচ গোচৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিলৈ আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে জাৰি কৰিছে চমন।

102
VIEWS
Share on FacebookShare on Twitter

উৎকোচ গোচৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানি আৰু তেওঁৰ ভতিজাক সাগৰলৈ চমন জাৰি কৰা হৈছে। নিউয়ৰ্ক আদালতৰ জৰিয়তে প্ৰেৰণ কৰা চমন অনুসৰি আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে (SEC) উত্থাপন কৰা উৎকোচৰ অভিযোগৰ সঁহাৰি ২১ দিনৰ ভিতৰত ষ্টক মাৰ্কেট নিয়ন্ত্ৰকলৈ প্ৰেৰণ কৰিব লাগিব। যোৱা ২১ নৱেম্বৰত আহমেদাবাদৰ দুয়োজনৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছিল চমন।

আদানিলৈ প্ৰেৰণ কৰা চমনত উল্লেখ কৰা হৈছে যে যদি তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো উত্তৰ নিদিয়ে তেন্তে অভিযোগকাৰীৰ দাবী অনুসৰি আদালতে নিৰ্দেশ দিব। গৌতম আৰু সাগৰক আদালতৰ জৰিয়তেই উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

গৌতম আদানি, সাগৰ আৰু আদানি গ্ৰুপৰ অন্যান্য কাৰ্যবাহীসকলৰ বিৰুদ্ধে আদানি গ্ৰীণৰ জৰিয়তে সৌৰশক্তিৰ যোগান ধৰাৰ বাবে ভাৰত চৰকাৰৰ একাংশ বিষয়াক আদানি গোষ্ঠীক অধিক বিদ্যুতৰ মূল্যকে ধৰি বিশেষ সুবিধা পোৱাই দিয়াৰ বাবে ২২০০ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ আদালত তথা আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে। অভিযোগ অনুসৰি সেই সকলোবোৰ সুবিধাৰ বাবে ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ২০ কোটি ডলাৰ লাভ কৰাৰ পৰিকল্পনা আছিল।

এছ ই চিৰ অভিযোগ অনুসৰি আদানি গ্ৰুপৰ কাৰ্যবাহী দুজনৰ উপৰিও আদানি গ্ৰীণৰ যৌথ উদ্যোগৰ অংশীদাৰ আমেৰিকাৰ এজুৰ পাৱাৰ গ্ল’বেলৰ এজন বিষয়া  চাইৰিল কেবানেছও এই উৎকোচ দিয়াৰ পৰিকল্পনাৰ সৈতে জড়িত।

অৱশ্যে আদানিয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিষয়টো নিষ্পত্তি কৰিবলৈ সকলো আইনী পদক্ষেপ লোৱা হ’ব বুলিও কৈছে৷ গোষ্ঠীটোৰ এক বিবৃতিত কোৱা হৈছে যে, “আদানি গ্ৰুপে নিজৰ ব্যৱসায়ৰ সকলো দিশতে সততা আৰু স্বচ্ছতা বজাই ৰাখে আৰু সকলো আইন মানি চলে। আমি আমাৰ শ্বেয়াৰহোল্ডাৰ, অংশীদাৰ আৰু কৰ্মচাৰীসকলক আশ্বস্ত কৰিব বিচাৰো যে আদানি গ্ৰুপটো এটা সম্পূৰ্ণৰূপে আইন অনুসৰণ কৰা কোম্পানী।”

উৎকোচৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰুপটোৰ মুখ্য বিত্তীয় বিষয়াগৰাকীয়ে এক্সত লিখিছে যে তেওঁলোকৰ মুঠ ১১টা কোম্পানী শ্বেয়াৰ বজাৰত পঞ্জীয়নভুক্ত। তেওঁলোকৰ কোনো এটাৰ বিৰুদ্ধে কোনো অভিযোগ নাই। অধিবক্তাসকলৰ অনুমোদন লাভ কৰাৰ পিছতেই কৰ্তৃপক্ষই আমেৰিকাৰ অভিযোগ সন্দৰ্ভত বিশদভাৱে বক্তব্য ৰাখিব।

Recent News

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

সকলো বিষয়তে ৰাজনীতিৰ ৰহন সানি দলীয় কৰিব বিচাৰে কিয় কেন্দ্ৰীয় চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd