NORTHEAST NOW (Assamese)

আদানিৰ ঘৰলৈ আহিল আমেৰিকাৰ SEC-ৰ চমন নটিছ; উৎকোচৰ গোচৰত এইবাৰ কি হ’ব গৌতমৰ?

November 24, 2024 12:08 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 24, 2024 12:09 pm
উৎকোচ গোচৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিলৈ আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে জাৰি কৰিছে চমন।

উৎকোচ গোচৰত আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানি আৰু তেওঁৰ ভতিজাক সাগৰলৈ চমন জাৰি কৰা হৈছে। নিউয়ৰ্ক আদালতৰ জৰিয়তে প্ৰেৰণ কৰা চমন অনুসৰি আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে (SEC) উত্থাপন কৰা উৎকোচৰ অভিযোগৰ সঁহাৰি ২১ দিনৰ ভিতৰত ষ্টক মাৰ্কেট নিয়ন্ত্ৰকলৈ প্ৰেৰণ কৰিব লাগিব। যোৱা ২১ নৱেম্বৰত আহমেদাবাদৰ দুয়োজনৰ ঘৰলৈ প্ৰেৰণ কৰা হৈছিল চমন।

আদানিলৈ প্ৰেৰণ কৰা চমনত উল্লেখ কৰা হৈছে যে যদি তেওঁ নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো উত্তৰ নিদিয়ে তেন্তে অভিযোগকাৰীৰ দাবী অনুসৰি আদালতে নিৰ্দেশ দিব। গৌতম আৰু সাগৰক আদালতৰ জৰিয়তেই উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

গৌতম আদানি, সাগৰ আৰু আদানি গ্ৰুপৰ অন্যান্য কাৰ্যবাহীসকলৰ বিৰুদ্ধে আদানি গ্ৰীণৰ জৰিয়তে সৌৰশক্তিৰ যোগান ধৰাৰ বাবে ভাৰত চৰকাৰৰ একাংশ বিষয়াক আদানি গোষ্ঠীক অধিক বিদ্যুতৰ মূল্যকে ধৰি বিশেষ সুবিধা পোৱাই দিয়াৰ বাবে ২২০০ কোটি টকা উৎকোচ দিয়াৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ আদালত তথা আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে। অভিযোগ অনুসৰি সেই সকলোবোৰ সুবিধাৰ বাবে ২০২০ চনৰ পৰা ২০২৪ চনৰ ভিতৰত ২০ কোটি ডলাৰ লাভ কৰাৰ পৰিকল্পনা আছিল।

এছ ই চিৰ অভিযোগ অনুসৰি আদানি গ্ৰুপৰ কাৰ্যবাহী দুজনৰ উপৰিও আদানি গ্ৰীণৰ যৌথ উদ্যোগৰ অংশীদাৰ আমেৰিকাৰ এজুৰ পাৱাৰ গ্ল’বেলৰ এজন বিষয়া  চাইৰিল কেবানেছও এই উৎকোচ দিয়াৰ পৰিকল্পনাৰ সৈতে জড়িত।

অৱশ্যে আদানিয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিষয়টো নিষ্পত্তি কৰিবলৈ সকলো আইনী পদক্ষেপ লোৱা হ’ব বুলিও কৈছে৷ গোষ্ঠীটোৰ এক বিবৃতিত কোৱা হৈছে যে, “আদানি গ্ৰুপে নিজৰ ব্যৱসায়ৰ সকলো দিশতে সততা আৰু স্বচ্ছতা বজাই ৰাখে আৰু সকলো আইন মানি চলে। আমি আমাৰ শ্বেয়াৰহোল্ডাৰ, অংশীদাৰ আৰু কৰ্মচাৰীসকলক আশ্বস্ত কৰিব বিচাৰো যে আদানি গ্ৰুপটো এটা সম্পূৰ্ণৰূপে আইন অনুসৰণ কৰা কোম্পানী।”

উৎকোচৰ অভিযোগৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰুপটোৰ মুখ্য বিত্তীয় বিষয়াগৰাকীয়ে এক্সত লিখিছে যে তেওঁলোকৰ মুঠ ১১টা কোম্পানী শ্বেয়াৰ বজাৰত পঞ্জীয়নভুক্ত। তেওঁলোকৰ কোনো এটাৰ বিৰুদ্ধে কোনো অভিযোগ নাই। অধিবক্তাসকলৰ অনুমোদন লাভ কৰাৰ পিছতেই কৰ্তৃপক্ষই আমেৰিকাৰ অভিযোগ সন্দৰ্ভত বিশদভাৱে বক্তব্য ৰাখিব।

Related News