NORTHEAST NOW (Assamese)

সামৰিক কুচকাৱাজ! আমেৰিকা-দক্ষিণ কোৰিয়াই চলাইছে বৃহৎ যৌথ যুদ্ধবিমান অনুশীলন

November 1, 2022 10:01 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো: সংগৃহীত।

US-South Korea begin joint air drills amid rising tensions উত্তৰ কোৰিয়াৰ সৈতে উত্তেজনাৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াই বৃহৎ বিমান অনুশীলন চলাইছে। দুয়োখন দেশে সোমবাৰে যৌথভাৱে অনুশীলনটো চলায়  আৰু কমেও ২৪০ খন যুঁজাৰু বিমানে ইয়াত অংশগ্ৰহণ কৰে।

এই অনুশীলন এনে এটা সময়ত কৰা হৈছে যেতিয়া উত্তৰ কোৰিয়াৰ সৈতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু দক্ষিণ কোৰিয়াৰ মাজত সামৰিক উত্তেজনা দিনক দিনে বৃদ্ধি পাইছে। পাঁচদিনীয়া অনুশীলনটোৰ নাম দিয়া হৈছে ‘দ্য ভিজিলেণ্ট ষ্টৰ্ম’।

উত্তৰ কোৰিয়াই আন এটা পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব পাৰে বুলি চলা আশংকাৰ মাজতে দুয়োখন দেশে এই অনুশীলন চলাইছে।

লগতে পঢ়ক: আপোনাৰ নামৰ কাষত আছে ব্লু টিক! এইবাৰ টকা বিচাৰিব পাৰে টুইটাৰে

পাঁচদিনীয়া এই অনুশীলন অহা শুকুৰবাৰলৈকে অব্যাহত থাকিব। প্ৰায় ১৪০ খন দক্ষিণ কোৰিয়াৰ যুঁজাৰু বিমান ইয়াত জড়িত হৈছে। ইয়াৰ ভিতৰত আছে আমেৰিকা নিৰ্মিত এফ-৩৫এ ষ্টিল্থ ফাইটাৰ, এফ-১৫কে আৰু কেএফ-১৬ যুঁজাৰু বিমান।

আনহাতে, আমেৰিকাই প্ৰায় ১০০ খন যুঁজাৰু বিমান প্ৰেৰণ কৰিছে। ইয়াৰ ভিতৰত আছে এফ-৩৫বি যুঁজাৰু বিমান, বৃহৎ সংখ্যক ওয়াৰফেয়াৰ, টেংকাৰ বিমান, উচ্চতাত চলিব পৰা যুঁজাৰু বিমান ইউ-২। অষ্ট্ৰেলিয়াৰ বিমানো ইয়াৰ সৈতে জড়িত হোৱাৰ কথা আছে। সেইবোৰক কেচি-৩০ এ টেংকাৰ পৰিবহনত নিয়োজিত কৰাৰ কথা।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বায়ু সেনাৰ মতে দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই এই অনুশীলনৰ মাজত প্ৰায় ১,৬০০ অভিযান চলাব। আনহাতে, দক্ষিণ কোৰিয়াৰ বায়ু সেনাই কয় যে উত্তৰ কোৰিয়াৰ প্ৰৰোচনাৰ প্ৰতিক্ৰিয়াস্বৰূপে দুয়োপক্ষই অভিযান আৰু কৌশলগত সামৰ্থ্য বৃদ্ধি কৰিব।

লগতে পঢ়ক:মহাৰাষ্ট্ৰত শোকাৱহ দুৰ্ঘটনা: দ্ৰুতবেগী গাড়ীয়ে মহতিয়াই নিলে তীৰ্থযাত্ৰীক, সাতগৰাকীৰ মৃত্যু

এনেধৰণৰ অন্তিমটো অনুশীলন ২০১৫ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল।  তেতিয়া ইয়াক  ‘ভিজিলেণ্ট এইচ’ বুলি কোৱা হৈছিল। কিন্তু দক্ষিণ কোৰিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মুন জে-ইনৰ প্ৰশাসনে উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিছিল। ফলস্বৰূপে ২০১৮ চনত অনুশীলনটো স্থগিত ৰখা হৈছিল।

Related News