যুদ্ধ বিধ্বস্ত আফগানিস্তান নহ’য়,এইবাৰ জাৰ্মানীৰ পৰা সেনা আঁতৰাই নিয়াৰ সিদ্ধান্ত লৈছে আমেৰিকাই।
এশ বা দুশ নহ’য়,আমেৰিকাই জাৰ্মানীৰ পৰা আঁতৰাই নিবলৈ ওলোৱা সেনাৰ সংখ্যা হৈছে ১২ হাজাৰ।
নাটো বাহিনীৰ সদস্য ৰাষ্ট্ৰ হিচাবে জাৰ্মানীত বহু বছৰ ধৰি কেইবা হাজাৰো মাৰ্কিন সেনা আছে। কিন্তু শেহতীয়াকৈ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অভিযোগ কৰা অনুসৰি দীৰ্ঘ দিন ধৰি জাৰ্মানীয়ে মাৰ্কিন সেনা ৰখাৰ বাবদ নাটো বাহিনীক যিমান পৰিমাণৰ ধন আদায় দিব লাগে সেয়া দিয়া নাই।
সেই বাবেই জাৰ্মানীৰ পৰা ১২ হাজাৰ মাৰ্কিন সেনা আঁতৰাই অনা হ’ব।
অৱশ্যে এই ১২ হাজাৰ সেনাৰ আটাইখিনিকে আমেৰিকালৈ অনা নহ’ব। তেওঁলোকৰ মাজৰে ৬,৪০০ সেনাক দেশলৈ ওভতাই অনাৰ বিপৰীতে বাকী খিনিক পূব ইউৰোপৰ ইটালী,বেলজিয়াম আদি দেশলৈ পঠিওৱা হ’ব।
মাৰ্কিন প্ৰতিৰক্ষা সচিব মাৰ্ক এছপাৰে প্ৰকাশ কৰা মতে দুই-এদিনৰ ভিতৰতে সেনা অপসাৰণৰ কাম আৰম্ভ কৰা হ’ব।
ইপিনে ট্ৰাম্পে অভিযোগ কৰা অনুসৰি জাৰ্মানীয়ে আমেৰিকাৰ ওপৰত ভেঁজা দিয়েই নাটো বাহিনীৰ সৈন্যক পোহপাল দিব বিচাৰিছে।
নাটোৰ নামত জাৰ্মানীয়ে ধন খৰচ কৰিবলৈ মুঠেও ইচ্ছা নকৰে বুলি ট্ৰাম্পে কয়।
এনে পৰিস্থিতিত সেনা অপসাৰণৰ বাদে আন কোনো পথ নাছিল বুলি ট্ৰাম্পে মন্তব্য কৰে।